১. জৰুৰীকালীন গৰ্ভনিৰোধক বড়ি (ই চি পি এছ)
জৰুৰীকালীন গৰ্ভনিৰোধ:
গৰ্ভনিৰোধক পদ্ধতি সমূহ যিটো অসুৰক্ষিত যৌন সম্ভোগৰ ৭২ ঘণ্টাৰ ভিতৰত গৰ্ভ ধাৰণ ৰোধ কৰিব ৰ বাবে অবলম্বন কৰা হয় তাক ``মৰ্ণিং আফ্টাৰ`` বা ``পোষ্ট কইটেল`` গৰ্ভনিৰোধক বোলে।
জৰুৰীকালীন গৰ্ভনিৰোধক ব্যৱহাৰৰ কাৰণ
এগৰাকী মহিলা যিয়ে অসুৰক্ষিত যৌনকাৰ্য্যত লিপ্ত হয় তথা গৰ্ভাৱস্থা প্ৰতিৰোধ কৰিব বিচাৰে। উদাহৰণ স্বৰূপে:
- তেওঁ যৌন সম্ভোগৰ বাবে ইচ্ছা প্ৰকাশ কৰা নাছিল আৰু কোনো ধৰণৰ গৰ্ভনিৰোধক ব্যৱহাৰ কৰা নাছিল।
- বলপূৰ্বক যৌন সম্ভোগ।
- কন্ডম চিঙি বা পিছলি যোৱা।
- গৰ্ভনিৰোধক শেষ হৈ গৈছে নতুন পেকেট কিছুদিনৰ পিছতহে ব্যৱহাৰ কৰিছে তথা তিনিটা বা তাতোধিক সক্ৰিয় বড়ি গ্ৰহণ কৰা নাই আৰু কন্ডম অথবা স্পাৰমেডিকেল ব্যৱহাৰ কৰা নাই।
- গৰ্ভনিৰোধক বড়ি পলমকৈ গ্ৰহণ কৰিছে ডি এম পি এ ৰ ক্ষেত্ৰত দুই সপ্তাহ তথা ন`ৰথিনড্ৰ`ম এনান্থাতেৰ ক্ষেত্ৰত দুই সপ্তাহ পলম হ`লে।
জি অ আই গাইডলাইন
জৰুৰীকালীন গৰ্ভনিৰোধকৰ বাবে ভাৰত চৰকাৰৰ গাইড লাইন লেভ`ন`ৰগেছট্ৰেল ( একমাত্ৰ প্ৰ`গেছট`জেন) এন জি ০.৭৫ এম জি `ডেডিকেটেড প্ৰডাক্ট` হিছাবে জৰুৰীকালীন গৰ্ভনিৰোধক হিছাবে প্ৰক্ষেপ কৰে। ভাৰতৰ ঔষধ নিয়ন্ত্ৰকে কেৱল মাত্ৰ লেভ`ন`ৰগেছট্ৰেলকে ই চি পি হিছাবে ব্যৱহাৰৰ বাবে স্বীকৃতি প্ৰদান কৰে।
ই চি পি য়ে ( ইমাৰজেন্সি কণ্টাচেপটিভ বড়ি) কেনেদৰে কাম কৰে।
অভুলেশ্বন লেহেমিয়া কৰি, বৰ্তি থকা মিউক`ছাৰ সালসলনি এন্দ`মেত্ৰিয়েলৰ সাল সলনি যিয়ে ইমপেয়াৰ এন্দ`মেট্ৰিয়েল ৰিচিপ্তিভিটি সংঘটিত কৰি ফাৰ্টিলাইজিং এগৰ ইমপ্লেনটেশ্বন ঘটাই। এমব্ৰয়, স্পাৰ্ম আৰু এগৰ পৰিবহনৰ সালসলনি ঘটাই।
জৰুৰীকালীন অ`ৰেল কণ্ট্ৰাচেপচনৰ বাবে মেডিকেল সক্ষমতাৰ নিয়মাবলী।
যদিহে ইতিসধ্যে গৰ্ভৱতী হোৱা নাই, যিকোনো তেনে মহিলাই ইয়াক ব্যৱহাৰ কৰিব পাৰে।
ই চি পি কেতিয়া ব্যৱহাৰ কৰিব পাৰি।
অসুৰক্ষিত যৌন সম্ভোগৰ পিছত যিমান পাৰি সোনকালে ইয়াক ব্যৱহাৰ কৰা উচিত। ২.৫ মি. গ্ৰা.ৰ এটা অথবা ০.৭৫ মি. গ্ৰা.ৰ দুটা বড়ি মিলনৰ ৭২ ঘণ্টাৰ ভিতৰত খাব লাগে।
২. ইন ট্ৰা ইউটেৰাইন ডিভাইচেছ ( আই. ইউ. ডিছ)
ক`পাৰ আৱৰণ যুক্ত আই ইউ ডি
কাৰ্য্যৰ মেকানিজিম
স্পাৰ্ম আৰু এগ লগ হেৱাত বাধা।
স্পাৰ্মৰ গতিত কঠিনতা আনি দিয়ে যাৰ ফলত ই এগ ফাৰ্টিলাইজ কৰাত অসমৰ্থ হয়।
ইউটেৰাছৰ বেৰত এগ ইমপ্লেন্ড হোৱাত বাধা আৰোপ।
সুবিধাসমূহ
- এটা মাত্ৰ সিদ্ধান্তই দৈৰ্ঘ্য কালৰ বাবে গৰ্ভৱস্থা ৰোধ কৰাত সহায়ক হয়।
- দীৰ্ঘম্যাদী কাট-৩৮০ এ, দহ বছৰ ধৰি কাৰ্য্যক্ষম হৈ থাকে তথা `ইনাৰ্ট আই ইউ ডি কেতিয়াও স্থানান্তৰ কৰিব লগা নহয়।
- ব্যৱহাৰকাৰীৰ মনত ৰাখিব লগীয়া বিশেষ নাথাকে
- যৌনি কাৰ্য্যত ব্যাঘাত নজন্মে।
- যৌন সম্ভোগত আনন্দ বৃদ্ধি পাই তথা গৰ্ভৱতী হোৱাৰ ভয় নাথাকে।
- কোনো পাশ্বক্ৰিয়া বিহীন এই ক`পাৰ আৱৰণ যুক্ত অথবা ইনাৰ্ট আই ইউ ডি।
- তাৎক্ষণিক ভাবে প্ৰতিক্ৰিয়া শীল।
- মাতৃদুগ্ধৰ পৰিমাণ তথা গুণাগুণত কোনো ধৰনৰ প্ৰভাৱ নপৰে।
- সন্তান জন্মৰ পিছত তাৎক্ষণিক ভাবে প্ৰয়োগ কৰিব পাৰি ( হ`ৰম`নেল অই ইউ ডিৰ বাহিৰে) তথা বলপূৰ্ৱক গৰ্ভপাতৰ পিছত( যদিহে সংক্ৰণৰ আশংকা নাথাকে)।
অসুবিধাসমূহ
- প্ৰথম তিনি মাহত মাহেকীয়া পৰিৱৰ্তন হ`ব পাৰে যদিও তিনি মাহ পিছত ই হ্ৰাস পাই।
- দীঘলীয়া তথা তীব্ৰ মাহেকীয়া কাল।
- মাহেকীয়াৰ মাজভাগত ৰক্তক্ষৰণ তথা স্পটিং হ`ব পাৰে।
- মাহেকীয়াৰ সময়ত অধিক বিষ অনুভূত হ`ব পাৰে
- যৌনি সংক্ৰমিত ৰোগ যেনে এইচ আই ভি/ এইডচ্ আদিৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান নকৰে।
মেডিকেল সক্ষমতা
বহুতো মহিলাই ক`পাৰ আৱৰণ যুক্ত আই ইউ ডি সুৰক্ষিত ভাবে ব্যৱহাৰ কৰিব পাৰে যেনে:
- ধূমপান কৰা মহিলা।
- কিছুপূৰ্বে যাৰ গৰ্ভপাত তথা মিছ কেৰেজ ঘটিছিল ( সংক্ৰমণৰ সম্ভাৱনীয়তা তথা সংক্ৰমণ নথকা)
- এণ্টিবায়টিক তথা এণ্টি কনভালছেণ্ট্চ গ্ৰহণ কাৰী।
- অতি মাত্ৰা শকত অথবা ক্ষীণ।
- স্তনপান কৰাই থকা।
ফল`-আপ
ৰুটিন ফল` আপ ভিজিট ( ৩ সপ্তাহ)।
পেলভিক পৰীক্ষা প্ৰয়োজন অনুসৰি সম্পন্ন।
যদিহে সন্দেহ থাকে পেলভিক পৰীক্ষা সম্পাদন।
পেলভিক ইনফ্লেমেট`ৰি ডিজিজ।
যৌন সংক্ৰামিত সংক্ৰমণ।
আই ইউ ডি স্থানান্তৰিত বা বিচ্যুত হোৱা।
পুৰুষ বন্ধ্যাকৰণ (ভেচেক্টমি)
ভেচেক্টমিৰ পৰিচয়:
পৰিয়াল পৰিকল্পনাৰ আটাইতকৈ ফলপ্ৰসু আৰু নিৰাপদ পদ্ধতিবোৰৰ ভিতৰত এটা।
পুৰুষ বন্ধ্যাকৰণ কম সংখ্যক পদ্ধতিৰ ভিতৰত এটা।
ই কেনেদৰে কাম কৰে ?
পুৰুষৰ স্ক্ৰটাম আৰু ভাচ ডিফিৰিনৰ দুয়োফালৰ খোলা মূৰ দুটা বন্ধ কৰি দিয়া হয় যাৰ ফলত বীৰ্য্য স্পাৰ্মৰহিত হয়।
বন্ধ্যাকৰণৰ পিছতো লোক এজনে ইৰেক্চন তথা বীৰ্য্য স্খলন কৰিবলৈ সক্ষম হয়।
এই বীৰ্য্য স্পাৰ্মৰহিত হোৱা হেতুকে নাৰী এগৰকীক গৰ্ভৱতী কৰিব নোৱাৰে।
সুবিধাসমূহ
- অধিকভাবে কাৰ্য্যক্ষম
- স্থায়ী তথা এটি সৰু তাৎক্ষনিক প্ৰদক্ষেপে এটা আজীৱন নিৰাপদ তথা ফলপ্ৰদ পৰিয়াল পৰিকল্পনাৰ বাট মোকলাই দিয়ে।
- তিনিমাহৰ বাবে কেৱল কণ্ডম অথবা অন্য পৰিয়াল পৰিকল্পনাৰ পদ্ধতিসমূহ মানি চলিলেই হ`ল।
- যৌন সম্ভোগত বাধা নাহে। লোক জনৰ যৌন ক্ষমতাতো কোনো প্ৰভাব লেপেলাই।
- গৰ্ভধাৰণৰ আশংকা নথকা হেতুকে যৌন সম্ভোগত আনন্দ বৃদ্ধি কৰে।
- এবাৰ কৰাৰ পিছত কোনো ব্যৱস্থা তথা পুনৰ বাৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন নাই।
- কোনো দীৰ্ঘম্যাদী স্বাস্থ্য সম্বন্ধীয় বিপদ ঘটাৰ আংশকা নাই।
- ভলেণ্টেয়াৰী মহিলা বন্ধ্যাকৰণৰ লগত তুলনাযোগ্য।
ভেচেক্টমি হ`ল:
সম্ভৱতঃ আংশিক অধিক ফলদায়ক
আংশিক ভাবে নিৰাপদ
কাৰ্য্যকৰীকৰণত সহজ
যদিহে খৰচ আহে, ই কম খৰচী
গুণাগুণৰ বাবে যিকোনো সময়তে পৰীক্ষা কৰিব পাৰি।
যদিহে সংগী জনে গৰ্ভধাৰণ কৰে এই গৰ্ভধাৰণ এক্ট`পিক হোৱাৰ আশংকা বন্ধ্যাকৰণ কৰা মহিলাৰ গৰ্ভধাৰণ হোৱাতকৈ বহু পৰিমাণে কম।
মহিলাৰ বন্ধ্যাকৰণ
দুটা বহল ভাগত ই বিভক্ত: লেপ্ৰ`স্কপি আৰু লেপ্ৰ`টমী
সুবিধাসমূহ
- অতি ফলপ্ৰসূ গৰ্ভনিৰোধক পদ্ধতি
- স্থায়ী
- কোনো কথা মনত ৰখাৰ প্ৰয়োজন নহয়।
- কোনো যোগানৰ প্ৰয়োজন নহয়
- পুনৰবাৰ ক্লিনিক যোৱাৰ প্ৰয়োজন নহয়।
- যৌন সম্ভোগত বাধা নাহে।
- যৌন সম্ভোগ বাঢ়ে।
- স্তনপানত কোনো ক্ষতি নহয়।
- কোনোধৰণৰ পাৰ্শ্বক্ৰিয়া বা স্বাস্থ্যৰ আশংকা নহয়।
- শিশু জন্মৰ পিছতে মহিলাগৰাকীৰ মিনিলেপৰোট`মি সম্পন্ন কৰিব পৰা যায়।
- অ`ভেৰিয়ান কেন্সাৰৰ পৰা ৰক্ষা কৰাত সহায় কৰে।
চিকিৎসা বিষয়ক যোগ্যতা:
বিছিভাগ মহিলাই বন্ধ্যাকৰণ কৰিব পাৰে
সেইসকলক অন্তৰ্ভূক্ত কৰি:
যিয়ে শিশু জন্ম দিছে (২৪ ঘণ্টাৰ পৰা ৭ দিনলৈ)
যিয়ে স্তনপান কৰাই আছে।
মিনিলেপাৰাটো প্ৰক্ৰিয়া
এটা সৰু (২.৫ চে. মি/অৱচ্ছেদ কৰা হয়)
গৰ্ভাশয় দাঙি তথা ঘূৰাই অৱচ্ছেদৰ মাজেৰে ২ ফেল`পিয়ান টিউব সংস্থাপন কৰা হয়।
প্ৰত্যেকটো টিউৱ বান্ধি কাটি পেলোৱা হয় অথবা ক্লিপ নাইবা আঙুঠি ব্যৱহাৰ কৰা হয়
অৱচ্ছেদটো চিলাই মাৰি আঠাযুক্ত বেণ্ডেজেৰে ধাকি দিয়া হয়।
মহিলা গৰাকীয়ে স্বাস্থ্যকেন্দ্ৰ এৰাৰ আগতে পৰৱৰ্তী সময়ছোৱাত ল`ব লগা সাৱধানতা সমূহৰ বিষয়ে পৰামৰ্শ লাভ কৰে তথা কেইঘণ্টামানৰ ভিতৰত ঘৰলৈ যাব পাৰে( ৪ ঘণ্টা নিৰীক্ষণ কৰা হয়)।
লেপ্ৰ`স্কপি ব্যৱস্থা
নাৰী গৰাকীৰ নাভিৰ তলৰ অংশত লোকেল এনাস্থেছিয়া প্ৰদান ।
গেছ অথবা বায়ুৰে পেট পৰিপূৰ্ণ কৰা হয়।
সৰু (২ ছেমি) অৱচ্ছেদ কৰি লেপ্ৰ`স্কপ হয়।
লেপ্ৰ`স্কপি পদ্ধতি
প্ৰত্যেকটো টিউব বন্ধ কৰা হয়
এটা ক্লিপৰ সহায়ত
এটা আঙঠি
ইলেক্ট্ৰ`কলেচনৰ দ্বাৰা
গেছ অথবা বায়ু পেটৰ পৰা বাহিৰ কৰা হয়।
অৱচ্ছেদটো চিলাই মাৰি আঠাযুক্ত বেণ্ডেজেৰে ধাকি দিয়া হয়।
মহিলাগৰাকীয়ে স্বাস্থ্যকেন্দ্ৰ এৰাৰ আগতে পৰবৰ্তী সময়ছোৱাত ল`ব লগা সাৱধানতা সমূহৰ বিষয়ে পৰামৰ্শ লাভ কৰে তথা কেইঘণ্টামানৰ ভিতৰত ঘৰলৈ যাব পাৰে( ৪ ঘণ্টা নিৰীক্ষণ কৰা হয়)।
গোটেই প্ৰক্ৰিয়াটোৰ পাছত নাৰী গৰাকীয়ে কি কৰা উচিত:
- ২ বা ৩ দিন পৰ্য্যন্ত জিৰণি তথা গধুৰ ওজন নদঙা।
- অৱচ্ছেদটো ২,৩ দিন পৰ্য্যন্ত চাফা তথা শুকান অৱস্থাত ৰখা।
- অৱচ্ছেদটো এক সপ্তাহলৈকে নিপিহা তথা ব্যতিব্যস্ত নকৰা।
- যদিহে প্ৰয়োজন বোধ হয় পেৰাচিটেমল বা অন্য সুৰক্ষিত বিষনাশক ঔষধ ব্যৱহাৰ কৰা। তেওঁ এছপিৰিণ অথবা ইবুপ্ৰফিন লব নালাগে যিহেতু ই ৰক্ত গোট মৰাত বাধা দিয়ে।
- কমেও এসপ্তাহ যৌন সম্ভোগ নকৰা ( বিষ সম্পূৰ্ণ নাইকিয়া নোহোৱালৈকে)।
মহিলা বন্ধ্যাকৰণ ব্যৰ্থ হোৱাৰ চাৰিটা সাধাৰণ কাৰণ
- বন্ধ্যাকৰণৰ সময়ত চলি থকা অথচ নিৰূপণ নোহোৱা লুটিয়েল ফেইজ গৰ্ভাৱস্থা।
- ফেল`পিয়ান টিউৱৰ বাহিৰে অন্য কোনো ঠাইত হেৱা অস্ত্ৰোপ্ৰচাৰ জনিত কাৰক (প্ৰায়ে ঘুৰণীয়া লিগামেণ্টত হোৱা)
- ফেল`পিয়ান টিউৱত অসম্পূৰ্ণ অথবা কম অ`ক্লুচন।
- মেচিনাৰী সামগ্ৰীৰ ভূলকৈ কৰা সংস্থাপন।
মহিলা বন্ধ্যাকৰণৰ ব্যৰ্থতা প্ৰতিৰোধ কৰাৰ দুটা উপায়
মাহেকীয়া হোৱাৰ সাত দিনৰ ভিতৰত তালিকাকৰণ কাৰ্য্য সম্পন্ন কৰিব লাগে।
ফেল`পিয়ান টিউৱৰ সঠিক চিনাক্ত কৰণ যি ফিনব্ৰিয়েলৰ ওপৰফালে তথা অ`ক্লুচনৰ আগৰফালে স্থিত।
Downloads
Title | Size | Detail |
---|
মানদণ্ড তথা গুণাগুণৰ নিশ্চয়তা | 2.22 MB |  |
গৰ্ভপাতৰ পৰৱৰ্তী সময়ত কৰা পৰিয়াল পৰিকল্পনা | 936.68 KB |  |
এফ পি আই এছ দ্বিতীয় সংস্কৰণ | 3.37 MB |  |
এফ এ কিউ | 1.81 MB |  |
বন্ধ্যাকৰণ অষ্ট্ৰোপ্ৰচাৰৰ আৰু জ্ঞাত সন্মতি পত্ৰৰ বাবে আবেদন | 987.75 KB |  |