মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Health Service [Family Welfare]

আমাৰ ইতিহাস

  • অবলোকন:

    গাওঁ অঞ্চলত তথা চহৰ অঞ্চলত জিলা হস্পিতেল তথা ডিচ্পেন্চেৰি সমূহৰ ৮৩৯৯ ট উপ স্বাস্থ্য কেন্দ্ৰ, ১৪৬ ব্লক পাব্লিক হেলথ চেণ্টাৰ( বি পি এইচ চি)/ৰুৰেল ফেমিলি ৱেলফেয়াৰ চেণ্টাৰ (মূখ্য কেন্দ্ৰ) আৰু ৩২ টা প্ৰসৱোত্তৰ কেন্দ্ৰ (পি পি)ৰে গঠিত এটা নেটৱৰ্কৰ জৰিয়তে জনসমাজত পৰিয়াল কল্যাণ সেৱাৰ যোগান ধৰা হৈছে। এই নেটৰ্ৱক ব্যাৱস্থাটো জিলা আৰু উপ জিলা পৰ্য্যায়ত বৰ্ধিত সংখ্যক প্ৰসৱোত্তৰ কেন্দ্ৰ স্থাপনৰ জৰিয়তে আৰু অধিক শক্তিশালী কৰি তোলা হৈছে।

    এটা জনসমূহক পৰিয়াল কল্যাণ সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত উপ স্বাস্থ্য কেন্দ্ৰ সমূহত নিযুক্তি দিয়া অক্জিলাৰী নাৰ্চ মিডৱাইফ ( এ এন এম ) তথা তেওঁ সহায়কাৰী হিছাবে থকা মাল্টি পাৰ্পাচ ৱৰ্কাৰ ( এম পি ডব্লিউ) সকলেই হৈছে ফ্ৰণ্ট লাইন কৰ্মী। ব্লক পি এইচ চি সমূহত নিযুক্তি দিয়া লেডী হেল্থ ভিজিটৰ( এল এইচ ভি) সকলে এ এন এম সকলৰ পৰিদৰ্শনৰ বাবে দায়বদ্ধ।

    জি এইচ এছ ( এফ ডব্লিউ) ৰ অধীনত ষ্টেট হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ট্ৰেইনিং চেণ্টাৰৰ দ্বাৰা বিভিন্ন অনুষ্ঠান যেনে দি লেডী হেল্থ ভিজিটৰ ট্ৰেইনিং স্কুল, বেচিক ট্ৰেইনিং স্কুলচ্ ফৰ মাল্টি পাৰ্পাচ ৱৰ্কাৰ ( এম পি ডব্লিউ), এ এন এম ট্ৰেইনিং স্কুল, আদিত মেডিকেল তথা পেৰা মেডিকেল কৰ্মী সকলৰ কাৰ্য্য কুশলতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণ দিয়া হয়।

    প্ৰজন্মগত শিশু স্বাস্থ্য ( আৰ চি এইচ) কাৰ্য্যক্ৰম- পৰ্য্যায়-২

    আৰ চি এইচ-২ প্ৰজন্ম, শিশু আৰু মাতৃ স্বাস্থ্যৰ ওপৰত ভাৰত চৰকাৰৰ প্ৰমূখ কাৰ্য্যাক্ৰম।

    এই কাৰ্য্যক্ৰমে মাতৃ আৰু শিশু ৰোগ ব্যাধি আৰু মৃত্যু হাৰ আৰু অবাঞ্চিত গৰ্ভধাৰণক কম কৰাত জনসংখ্যা বৃদ্ধিক স্থিৰশীল কৰা পৰিণাম স্বৰূপে পৰিয়াল কল্যাণ কাৰ্য্যক্ৰমৰ প্ৰদৰ্শনত অগ্ৰগতি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। এক সমৰ্থক পৰিণাম আৰু সমৰ্থক কম ধ্যান দিবৰ কাৰণে এই কাৰ্য্যক্ৰমক পুনৰ উন্মেষিত আৰু পুনৰুজ্জীৱিত কৰি থকা হৈছে।

    একক যৌগিক কাৰ্য্যক্ৰমৰ মাজত সকলো সম্পৰ্কিত আৰু একত্ৰিত একাকীকৈ থকা আঁচনি সমূহ ঐক্যতাৰ দ্বাৰা এই কাৰ্য্যক্ৰমক অনুধাৱন কৰা হৈছে।

    এই কাৰ্য্যক্ৰমে তিনিটা উৎসৰ পৰা পুঁজি আদায় কৰিব : ভাৰত চৰকাৰ; ডি এফ আই ডি/বিশ্ব বেংক/ইউ এন এফ পি এৰ পৰা প্ৰাপ্ত পুঁজি আৰু অন্যান্য উন্নয়ন অংশীদাৰৰ পৰা প্ৰাপ্ত ধন ( ই চি , ইউ এছ এ আই ভি: ইউনিচেফ আৰু ইউ এন এফ পি এ ক অন্তৰ্ভূক্ত কৰি)।

    প্ৰতিৰোধক:

    দৈনন্দিন প্ৰতিৰোধক ( আৰ আই) হ`ল এটা জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে হাতত লোৱা কৌশলী বিনিয়োগ। ভাৰতবৰ্ষৰ দৈনিক প্ৰতিৰোধক ব্যৱস্থাটি গতিশীল তথা ই বছৰ ধৰি দেশৰ পৰিবৰ্তিত জনস্বাস্থ্যৰ চাহিদা পূৰণ কৰাৰ ক্ষেত্ৰত দায়বদ্ধ।

    সহজলভ্যতা, গ্ৰহণযোগ্যতা তথা উপলব্ধতাৰ দিশত প্ৰত্যাহবানেৰে ভাৰাক্ৰান্ত হ`লেও এই দেশে প্ৰতিৰোধক প্ৰদান ব্যৱস্থাত বিস্তৃত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

    বৰ আই নিৰ্মূলকৰণত লাভ কৰা সফলতাৰ লগে লগে এই টীকাকৰণ ব্যৱস্থাটো `বিস্তৃত টীকাকৰণ আঁচনি` ( ই. পি. আই ) নামাকৰণেৰে ১৯৭৮ চনত অধিকসু-সংগঠিত ভাৱে চহৰ অঞ্চলত বসবাস কৰা পাঁচ বছৰৰ অনূৰ্ধৰ প্ৰতিগৰাকী শিশুক উদ্দেশ্যি আৰম্ভ কৰা হৈছিল। এক বছৰ অনূৰ্ধৰ শিশু তথা শীতল শৃংখলৰ সম্প্ৰসাৰণ ইত্যাদি দিশসমূহক গুৰুত্ব সহকাৰে লৈ ১৯৮৫ চনত এই টীকাকৰণ অভিযানে আৰু অধিক পৰিবৰ্ধিত ৰূপত `সাৰ্বজনীন টীকাকৰণ অভিযান` অৰ্থাৎ ইউনিভাৰ্চেল ইমিউনাইজেচন প্ৰ`গ্ৰাম (ইউ.আই.পি) ৰূপে বিস্তৃতি লাভ কৰে। ১৯৯০ চনলৈকে এই আঁচনি খন দেশৰ প্ৰতিটো চুকলৈ সম্প্ৰসাৰিত হয় আৰু সম্প্ৰতি এই আঁচনি ভাৰতবৰ্ষৰ জনস্বাস্থ্য বিভাগৰ এক অপৰিহাৰ্য্য আন্তঃগাঠনি ব্যৱস্থা। কৰ্মচাৰী সকলৰ সক্ষমতা বৃদ্ধি তথা সেৱা প্ৰদান ব্যৱস্থাৰ উন্নীতকৰণ আদিৰ জৰিয়তে কাৰ্য্যকৰীকৰণ ব্যৱস্থাটো যথেষ্ট শক্তিশালী হৈ উঠিছে।

    পি চি পি এন ডি টি এক্ট, ১৯৯৪ ( প্ৰি কনচেপচন এন্দ প্ৰেনাটেল ডেয়েগনষ্টিক টেকনিক এক্ট)

    স্বাস্থ্য সেৱা সঞ্চালকেই ( এফ ডব্লিউ) অসম এই পি চি পি এন ডি টি এক্ট খন ৰূপায়ন কৰাৰ বাবে দায়বদ্ধ। এই পি চি পি এন ডি টি এক্ট খন প্ৰণয়ন কৰাৰ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী হল স্বাস্থ্য সেৱা সঞ্চালকপ্ৰধান জন। সকলো এই এছ জি ক্লিনিক/হস্পিতেলেই এই ডি এইচ এচ ( এফ ডব্লিউ) অসম এক্ট খনৰ অধীনত জিলা অফিচাৰৰ দ্বাৰা নিজৰ নাম পঞ্জীয়ন কৰোৱা দৰকাৰ।