মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Health Service [Family Welfare]

ৰোটা ভাইৰাছ

এই ভেকচিনৰ প্ৰৰ্ৱতন অসমৰ স্বাস্থ্য খণ্ডৰ ইতিহাসত এক ধাৰাবিহিকতাৰ ধাপ হিছাবে পৰিগণিত হৈছে যিয়ে পাঁচ বছৰৰ তলৰ শিশু সকলক ডায়েৰিয়াৰ পৰা মুক্ত কৰে যি হৈছে নিউমোনিয়া আৰু অকালপক্কতাৰ পিছতেই শিশু মৃত্যু হোৱাৰ তৃতীয় নম্বৰ কাৰণ। ভাৰতবৰ্ষত প্ৰতিবছৰে ১.৭ মিলিয়ন ৫ বছৰ অনুৰ্ধৰ শিশুই মৃত্যুবৰণ কৰে আৰু ১৩ % মৃত্যু ডায়েৰিয়াৰ ফলত হয়।ই (বছৰি ৫ বছৰৰ অনুৰ্ধৰ)৩২,৭০,০০০ আউট পেচেণ্ট, ৮,৭২,০০০ হস্পিতেলত ভৰ্ত্তি হোৱা আৰু ৭৮,০০০ মৃত্যুৰ বাবে জগৰীয়া। ৰোটা ভাইৰাছৰ কাৰণে ৪০ % ডায়েৰিয়া জনিত ৰোগত হস্পিতেলত ভৰ্ত্তি হ`ব লগা হয়। অসমত নবজাতকৰ মৃত্যুৰ সংখ্যা প্ৰতি ১০০০ নবজাতকৰ মাজত ৪৭ জন আৰু সৰ্বমুঠ ২০০০ জন ৰোটা ভাইৰাছ জনিত ডায়েৰিয়াৰ ফলত। যিহেতু এতিয়ালৈ ইয়াৰ চিকিৎসা সম্ভৱ হোৱা নাই গতিকে ৰোটা ভাইৰাছৰ বিৰুদ্ধে ভেকচিন প্ৰদানেই ইয়াক ৰোধ কৰাৰ একমাত্ৰ উপায়। ভেকচিন প্ৰদানৰ লগতে শিশু সকলক হাত ধোৱাৰ প্ৰশিক্ষণ, অনাময়, ও আৰ এছ আৰু যিংক পৰিপোষক প্ৰদান কৰা উচিত।