মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Health Service [Family Welfare]

প্ৰতিষ্ঠাপন

অসমত কেন্দ্ৰৰ পৃষ্ঠপোষকতাত হোৱা ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনিৰ প্ৰয়োগৰ বাবে ডিৰেক্টৰ, স্বাস্থ্য বিভাগ দায়বদ্ধ।

পৰিয়াল কল্যাণ আঁচনিৰ প্ৰধান লক্ষ্যসমূহ হৈছে:

  • জনসংখ্যা নিয়ন্ত্ৰণ আৰু পৰিয়াল প্ৰতিষ্ঠাপন
  • এম এম আৰ হ্ৰাসৰ বাবে
  • মাতৃ আৰু শিশুৰ যত্ন

পৰিয়াল কল্যাণ আঁচনিৰ অন্তৰ্গত তলত দিয়া উপাদানবোৰ

  • নিৰ্দেশনা আৰু পৰিচালনা
  • জিলা পৰিয়াল কল্যাণ বিভাগ
  • অফছেট প্ৰেছ
  • গ্ৰাম্য পৰিয়াল কল্যাণ উপ স্বাস্থ্য কেন্দ্ৰ
  • নগৰ পৰিয়াল কল্যাণ উপ স্বাস্থ্য কেন্দ্ৰ
  • স্বাস্থ্য আৰু এফ ডব্লিউ প্ৰশিক্ষণ কেন্দ্ৰ
  • এ এন এম আৰু এল এইচ ভি প্ৰশিক্ষণ কেন্দ্ৰ

এ এন এম প্ৰশিক্ষণ কেন্দ্ৰ:

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অন্তৰ্গত সৰ্বমুঠ ১৮ টা এ এন এম প্ৰশিক্ষণ কেন্দ্ৰ আছে। প্ৰতিটো কেন্দ্ৰতে এইচ এছ এল চি উত্তীৰ্ণ প্ৰমাণপত্ৰ থকা প্ৰশিক্ষাৰ্থী সকলক শিক্ষা প্ৰদান কৰা হয়। এ এন এম নাৰ্চিং, অসম ৰাজ্যিক নাৰ্চিং কাউন্সিলৰ দ্বাৰা অনুষ্ঠিত কৰা হয়। সফল এ এন এম প্ৰশিক্ষাৰ্থীসকলক, এ এন এম ৰ খালী পদত অসম ৰাজ্যিক নাৰ্চিং কাউন্সিলৰ দ্বাৰা নিযুক্তি দিয়া হয় বিজ্ঞাপন / বাচনি পৰীক্ষা আদি প্ৰয়োজনীয় ব্যৱস্থা অনুযায়ী।

সৰ্বমুঠ ১৮ টা অসমত অৱস্থিত এ এন এম প্ৰশিক্ষণ কেন্দ্ৰ তলত দিয়া হল।

  • গুৱাহাটী মেডিকেল কলেজ, গুৱাহাটী
  • চিভিল হস্পিতেল, শোণিতপুৰ
  • চিভিল হস্পিতেল, শিৱসাগৰ
  • চিভিল হস্পিতেল, ধুবুৰী
  • চিভিল হস্পিতেল, লখিমপুৰ
  • চিভিল হস্পিতেল, মৰিগাওঁ
  • চিভিল হস্পিতেল, নগাওঁ
  • চিভিল হস্পিতেল,যোৰহাট
  • চিভিল হস্পিতেল, কাৰ্বি আংলং
  • চিভিল হস্পিতেল, গোৱালপাৰা
  • চিভিল হস্পিতেল, মঙলদৈ
  • চিভিল হস্পিতেল, বৰপেটা
  • চিভিল হস্পিতেল, কোকৰাঝাৰ
  • চিভিল হস্পিতেল, হাইলাকান্দি
  • চিভিল হস্পিতেল, কৰিমগঞ্জ
  • চিভিল হস্পিতেল, ডিমা হাছাও
  • চিভিল হস্পিতেল, নলবাৰী
  • অসম মেডিকেল কলেজ ডিব্ৰুগড়
 

এ এন এম ৰ নিৰ্বাচন আৰু প্ৰশিক্ষণৰ কাৰ্য্যপ্ৰণালী:

  • এ এন এম ৰ প্ৰশিক্ষণৰ কাল আই এন চি ৰ সূচী অনুযায়ী ২ বছৰ
  • অতি কমেও ৩ টা যোগ্যতাৰ নীতি হৈছে:
    • প্ৰশিক্ষাৰ্থী সকল দ শম মান উত্তীৰ্ণ হ`ব লাগিব
    • ভাৰত বৰ্ষৰ নাগৰিক হ`ব লাগিব
    • নামভৰ্তিৰ বয়স অতিকমেও ১৭ ৰ পৰা ২৪ ৰ ভিতৰত হ`ব লাগিব। বয়সৰ উৰ্দ্ধসীমা এছ টি/এছ চি/ও বি চি/ এম ও বি চি ৰ বাবে ৩ বছৰ পৰ্য্যন্ত শিথিল কৰা হয়।
  • এগৰাকী প্ৰশিক্ষাৰ্থীয়ে ফিজিকেল ফিটনেচ্ৰ বাবে মেডিকেল পৰীক্ষা কৰা উচিত।
  • দৰ্খাস্তৰ ফৰ্ম ডি এইচ এছ, অসমৰ দ্বাৰা প্ৰকাশ কৰা হয় আৰু ফৰ্ম জমা লোৱাৰ বিনিময়ত ৫০ টকা ট্ৰেজাৰী চালান যোগে লোৱা হয়।
  • প্ৰশিক্ষাৰ্থী সকলক অতিকমেও এইচ এছ/এইচ এছ এল চি পৰীক্ষাত পোৱা ৪০ % আৰু তাতোধিক নম্বৰৰ ভিত্তিত নিৰ্বাচন কৰা হয়।
 

এল এইচ ভি প্ৰশিক্ষণ কেন্দ্ৰ:

ডিব্ৰুগড়ৰৰ চাবুৱাত এখন এল এইচ ভি প্ৰশিক্ষণ কেন্দ্ৰ আছে আৰু তাত কৰ্মৰত এ এন এম সকলক ৬ মাহৰ প্ৰশিক্ষণ দিয়া হয় আৰু সফল এল এইচ ভি প্ৰশিক্ষাৰ্থীসকলক প্ৰয়োজনীয় আনুষ্ঠানিকতাৰ পিছত খালী পদ সমূহ পূৰণৰ বাবে প্ৰেৰণ কৰা হয়।

স্বাস্থ্য আৰু এফ ডব্লিউ প্ৰশিক্ষণ কেন্দ্ৰ

এই ডিৰেক্ট`ৰেটৰ তলত এখন স্বাস্থ্য আৰু এফ ডব্লিউ প্ৰশিক্ষণ কেন্দ্ৰ খানাপাৰাত অৱস্থিত আৰু ইয়াৰ দ্বাৰা কৰ্মৰত ডাক্তৰ / নাৰ্চ আদিক বিভিন্ন বিষয়ে জ্ঞাত কৰা হয়।

অফচেট প্ৰেছ

এই ডিৰেক্ট`ৰেটৰ অন্তৰ্গত এখন অফছেট প্ৰেছ হেদায়তপুৰ, গুৱাহাটী-৩ ত অৱস্থিত য`ত আই ই চি ফৰমেট ইত্যাদিৰ ছপা কাম কৰা হয়।

গ্ৰাম্য পৰিয়াল কল্যাণ উপ স্বাস্থ্যকেন্দ্ৰ

সৰ্বমুঠ ৪৩৯৯ খন গ্ৰাম্য এফ ডব্লিউ কেন্দ্ৰ অসমত প্ৰতিখন উপস্বাস্থ্য কেন্দ্ৰৰ বিপৰীতে এ এন এম ৰ অনুমোদিত পদ ৬ খন উপস্বাস্থ্য কেন্দ্ৰৰ বিপৰীতে এটা এল এইচ ভি ৰ পদ থাকে।

এ এন এম/এল এইচ ভি সেৱাযুক্ত উপস্বাস্থ্য কেন্দ্ৰ সমূহ পৰিয়াল কল্যাণ আঁচনি ক্ৰমে প্ৰতিষেধক প্ৰদান, মাতৃ আৰু শিশু স্বাস্থ্য আঁচনি আদি গ্ৰাম্যাঞ্চলত প্ৰৱৰ্তনৰ বাবে দায়বদ্ধ।

গ্ৰাম্য পৰিয়াল কল্যাণ কেন্দ্ৰ (আৰ এফ ডব্লউ চি) প্ৰধান কেন্দ্ৰ:

ৰাজ্যত সৰ্বমুঠ ১৪৬ টা আৰ এফ ডব্লিউ চি আছে। চিনিয়ৰ মেডিকেল আৰু হেল্থ অফিচাৰ ৰ এটা পদ, ১টা ইউ ডি এছিছটেণ্ট, ১টা ব্লক এক্সটেনছন এডুকেটৰ, ১টা কম্পিউটাৰ আৰু এটা এ এন এম প্ৰতিখন আৰ এফ ডব্লিউ চি ৰ বিপৰীতে আছে। আৰ এফ ডব্লিউ চিৰ উদ্দেশ্য হৈছে তেওঁলোকৰ অন্তৰ্গত অসমৰ বিভিন্ন জিলাৰ অঞ্চলত এম চি এইচ প্ৰতিষেধক অনুষ্ঠান চলোৱা।

নগৰ এফ ডব্লিউ কেন্দ্ৰ

ৰাজ্যত ১৯ খন নগৰ স্বাস্থ্য কেন্দ্ৰ আৱস্থিত। প্ৰতিখন নগৰ স্বাস্থ্য কেন্দ্ৰৰ বপৰীতে এজন এ এন এম এজন সিকিৎসা বিষয়া থাকে। নগৰ স্বাস্থ্য কেন্দ্ৰৰ উদ্দেশ্য হৈছে ৰাজ্যৰ নগৰ অঞ্চলত প্ৰতিষেধক প্ৰদান আৰু এম চি এইচ কাৰ্য্যসূচীৰ প্ৰৱৰ্তন কৰা।

প্ৰসৱোত্তৰ কেন্দ্ৰ

গোটেই ৰাজ্যত ৩৫ খন প্ৰসৱোত্তৰ কেন্দ্ৰ আছে।প্ৰসৱোত্তৰ কেন্দ্ৰ সমূহৰ উদ্দেশ্য হ`ল মাতৃ স্বাস্থ্য তথা নবজাতকৰ যত্ন লোৱা।

প্ৰসূতি কেন্দ্ৰ

গোটেই ৰাজ্যত ২৫ খন প্ৰসূতি কেন্দ্ৰ আছে।প্ৰসূতি কেন্দ্ৰ সমূহৰ অন্তৰ্গত ঠাই বিলাকৰ মাতৃ স্বাস্থ্য তথা নবজাতকৰ যত্ন লোৱাই এই কেন্দ্ৰৰ উদ্দেশ্য।

পৰিবহণ

নাৰেংগি স্থিত ষ্টেট হেল্থ ট্ৰান্সপ`ৰ্ট অৰ্গেনাইজেচন, গুৱাহাটী ৭১ তথা ইয়াৰ যোৰহাট স্থিত জ`নাল অফিচ সকলো ধৰণৰ সেৱা যেনে এফ ডব্লিউ যানৰ মেৰামতি, যন্ত্ৰপাতি তথা ৰেফ্ৰিজাৰেটৰ আদিৰ মেৰামতিৰ বাবে দায়বদ্ধ।

Downloads
TitleSizeDetail
অনুমোদিত পদ11.89 KBswf-image