মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Health Service [Family Welfare]

প্ৰতিৰোধক

দৈনন্দিন প্ৰতিৰোধক:

 দৈনন্দিন প্ৰতিৰোধক ( আৰ আই) হ`ল এটা জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে হাতত লোৱা কৌশলী বিনিয়োগ। ভাৰতবৰ্ষৰ দৈনিক প্ৰতিৰোধক ব্যৱস্থাটি গতিশীল তথা ই বছৰ ধৰি দেশৰ পৰিবৰ্তিত জনস্বাস্থ্যৰ চাহিদা পূৰণ কৰাৰ ক্ষেত্ৰত দায়বদ্ধ।

সহজলভ্যতা গ্ৰহণযোগ্যতা তথা উপলব্ধতাৰ দিশত প্ৰত্যাহবানেৰে ভাৰাক্ৰান্ত হ`লেও এই দেশে প্ৰতিৰোধক প্ৰদান ব্যৱস্থাত বিস্তৃত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

বৰ আই নিৰ্মূলকৰণত লাভ কৰা সফলতাৰ লগে লগে এই টীকাকৰণ ব্যৱস্থাটো `বিস্তৃত টীকাকৰণ আঁচনি` ( ই. পি. আই ) নামাকৰণেৰে ১৯৭৮ চনত অধিক সু-সংগঠিত ভাৱে চহৰ অঞ্চলত বসবাস কৰা পাঁচ বছৰৰ অনূৰ্ধৰ প্ৰতিগৰাকী শিশুক উদ্দেশ্যি আৰম্ভ কৰা হৈছিল। এক বছৰ অনূৰ্ধৰ শিশু তথা শীতল শৃংখলৰ সম্প্ৰসাৰণ ইত্যাদি দিশসমূহক গুৰুত্ব সহকাৰে লৈ ১৯৮৫ চনত এই টীকাকৰণ অভিযানে আৰু অধিক পৰিবৰ্ধিত ৰূপত `সাৰ্বজনীন টীকাকৰণ অভিযান` অৰ্থাৎ ইউনিভাৰ্চেল ইমিউনাইজেচন প্ৰ`গ্ৰাম (ইউ.আই.পি) ৰূপে বিস্তৃতি লাভ কৰে। ১৯৯০ চনলৈকে এই আঁচনি খন দেশৰ প্ৰতিটো চুকলৈ সম্প্ৰসাৰিত হয় আৰু সম্প্ৰতি এই আঁচনি ভাৰতবৰ্ষৰ জনস্বাস্থ্য বিভাগৰ এক অপৰিহাৰ্য্য আন্তঃগাঠনি ব্যৱস্থা।

নতুন নতুন ভেকচিনৰ সংযোজন, সৰু আই আৰু জাপানীজ এনকেফেলাইটিছ (জে ই) ৰ লেখীয়া ৰোগৰ বাবে ছিটা প্ৰদান কাৰ্য্যসূচীৰ দুই তৰপীয়া ব্যৱস্থালৈ পৰিবৰ্তন, এ ই এফ আই পদ্ধতিৰ সবলীকৰণ। ইত্যাদি পদক্ষেপ সমূহৰ জৰিয়তে দৈনন্দিন প্ৰতিৰোধক প্ৰদান ক্ষেত্ৰখনত বিগত পাঁচ বছৰত এক নাটকীয় পৰিৱৰ্তন পৰিলক্ষিত হৈছে। কৰ্মচাৰী সকলৰ সক্ষমতা বৃদ্ধি তথা সেৱা প্ৰদান ব্যৱস্থাৰ উন্নীতকৰণ আদিৰ জৰিয়তে কাৰ্য্যকৰীকৰণ ব্যৱস্থাটো যথেষ্ট শক্তিশালী হৈ উঠিছে।

প্ৰতিষেধকৰ প্ৰয়োজনীয়তা কি?

  • শিশুকালৰ ৰোগ সমূহ নিয়ন্ত্ৰণত প্ৰতিষেধক প্ৰদান হৈছে আটাইতকৈ সুৰক্ষিত তথা ফলপ্ৰসূ ব্যৱস্থা। বিশ্বজনীন টীকাকৰণ আঁচনিৰ ( ইউ. আই. পি) অধীনত ছিটাৰ জৰিয়তে প্ৰতিৰোধক্ষম ৰোগ ( ভি. পি. ডি) সমূহ নিৰ্মূল তথা নিৰাময়ৰ ক্ষেত্ৰত উল্লোখযোগ্য সফলতা লাভ কৰা হৈছে।
  • সম্পূৰ্ণ টীকাকৰণ যেনে বি. চি. জি এপালি,তিনি পালি ডি.পি.টি হেপাটাইটিছ বি আৰু অ` পি ডি প্ৰত্যেকৰে এপালি এটি শিশুক এবছৰৰ আগতে সৰু আইৰ প্ৰতিৰোধক হিছাবে প্ৰদান কৰিলে ভৱিষ্যতে তাক এটি নিৰোগী জীৱন লাভ কৰাত সহায়ক হয়। ৰোগ হোৱাৰ আগতেই ইয়াক প্ৰতিৰোধ কৰিব পাৰিলে ই বহু পৰিমাণে অৰ্থ, শক্তি আৰু জীৱন ৰক্ষা কৰাত সফল হয়।
  • শিশুৰ জীৱন ৰক্ষাৰ প্ৰমূখ কৌশল হৈছে টীকাকৰণ।

টিকা তথা টিকাকৰণৰ যোগেদি প্ৰতিৰোধ কৰিব পৰা ৰোগ সমূহঃ

টিকাৰ নামপ্ৰতিৰোধক্ষম ৰোগ
বৰ্তমান ব্যৱহৃত ইউ আই পি টিকা সমূহ
বি চি জি টিকাযক্ষ্মা
ডি পি টি টিকাঘোঁৰা শলখা, পাৰ্টুচ্চিচ (হুপিং কাহ)আৰু ধনুষ্টংকাৰ
হেপাটাইটিছ বি টিকাহেপাটাইটিছ- বি
জাপানীজ এনকেফেলাইটিজ টিকাজাপানীজ এনকেফেলাইটিজ
সৰু আই টিকাসৰু আই
অ`ৰেল পলিঅ` টিকা(ও পি ভি)পলিঅ`
পেণ্টাভেলেণ্ট টিকাঘোঁৰা শলখা, পাৰ্টুচ্চিচ, ধনুষ্টংকাৰ, হেপাটাইটিছ- বি, হেম`ফিলাছ ইনফ্লুৱেঞ্জা বি, মেনিংগিটিছ আৰু নিউমোনিয়া
টিটেনাছ টক্সাইড টিকাপ্ৰসূতি তথা নবজাতকৰ ধনুষ্টংকাৰ
নিষ্ক্ৰিয় পলিঅ` টিকাপলিঅ`
ৰোটা ভাইৰাছ টিকা ( আৰ ভি ভি)ৰোটা ভাইৰাছজনিত ডায়েৰিয়া
ইউ আই পি ত সংযোজিত নতুন টিকা সমূহ
নিউমোক`ক্কেল কন্জুগেট টিকা (পি চি ভি)নিউমোনিয়া

প্ৰতিষেধকৰ ধাৰাবাহিকতাৰ ক্ৰম- ভাৰত

১৯৭৮প্ৰতিষেধক প্ৰদানৰ বিস্তৃত কাৰ্য্যসূচী, বি চি জি, ডি পি টি, ও পি ভি, টাইফয়েড (নগৰ অঞ্চলত)
১৯৮৩গৰ্ভৱতী মহিলাক টি টি ভেকচিন প্ৰদান
১৯৮৫বিশ্বজনীন প্ৰতিষেধক প্ৰদান কাৰ্য্যসূচী সৰু আই যোগ, টাইফয়েড অপসাৰণ
১৯৯০ভিটামিন এ পৰিপূৰকতা
১৯৯৫পলিঅ` ৰাষ্ট্ৰীয় প্ৰতিৰোধকৰণ দিবস
১৯৯৭ইউ আই পিৰ অধীনত ভেক্‌চিনত ভি ভি এমৰ অন্তৰ্ভূক্তি
২০০২১০ খন ৰাজ্যৰ ৩৩ খন জিলাত হেপাটাইটিছ- বি পাইলট হিছাবে পৰিচিত কৰিছিল
২০০৫ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানে  ইউ আই পি ত অটো ডিজেবল চিৰিঞ্জ প্ৰৱৰ্তন (এ ডি) মোকলাই দিছিল
২০০৬অভিযানৰ পিছত সংক্ৰমণ প্ৰৱণ  জিলা সমূহত জে ই ভেকচিনৰ প্ৰৱৰ্তন
২০০৭-৮১০ খন ৰাজ্যৰ সকলো জিলাতে হেপাটাইটিছ- বি ৰ সম্প্ৰসাৰণ কৰা হৈছিল আৰু ৩ টা খোৰাকৰ পৰা ৪ টা খোৰাকলৈ শ্বিডিউল সংশোধিত কৰা হৈছিল
২০১০আৰ আই আৰু এম চি ইউ পি (১৪ ৰাজ্য)ত সৰু আইৰ দ্বিতীয় খোৰাকৰ প্ৰৱৰ্তন কৰা হৈছিল
২০১১হেপাটাইটিছ- বি ইউনিভাৰ্ছেলাইজড আৰু হেমিঅ`ফিলাছ টাইপ বি ৰ পেণ্টাভেলেণ্ট হিছাবে দুখন ৰাজ্যত প্ৰচলন। মুক্ত ভায়েল পলিচি ভেকচিনৰ বাবে ইউ ই পি ৰ অন্তৰ্ভূক্ত কৰে
২০১৩পেণ্টাভেলেণ্টৰ ন খন ৰাজ্যলৈ প্ৰসাৰ জে ই ভেকচিনৰ দ্বিতীয় খোৰাক
২০১৪ভাৰত আৰু দক্ষিন পূৰ এছিয়াক পলিঅ` মু্ক্ত ঘোষনা
২০১৫ভৰতত প্ৰসূতি তথা নবজাতকৰ ধনুষ্টংকাৰ বহিষ্কৰণ সকলো ৰাজ্যলৈ পেণ্টাভেলেণ্টৰ প্ৰসাৰ আই পি ভি ৰ প্ৰয়োগ নতুন ভেকচিন যেনে ৰোটা ভাইৰাছ নিউমোক`ক্কেল আৰু সৰু আই/ৰুবেলা
২০১৬পৰ্য্যায়-১ ত চাৰিখন ৰাজ্যত ৰোটাভাইৰাছ ভেকচিনৰ প্ৰৱৰ্তন

১৯৮৫ চনত এই আঁচনি খন ইউনিভাৰ্চেল ইমিউনাইজেচন প্ৰ`গ্ৰেম ( ইউ. আই পি) নামলৈ পৰিবৰ্তিত কৰাৰ লগতে একে বৰ্ষতে সৰু আই টীকাকৰণ ব্যৱস্থাৰো সংযোজন ঘটোৱা হয়।

টীকাকৰণৰ জৰিয়তে সচৰাচৰ প্ৰতিৰোধ কৰিব পৰা ৰোগ

টীকাকৰণৰ জৰিয়তে প্ৰতিৰোধ কৰিব পৰা আঠবিধ ৰোগ, ইয়াৰ লক্ষণ সমূহ, সংক্ৰমণৰ মাধ্যম তথা নিৰ্মূলৰ উপায় সমূহ তলত উল্লেখ কৰা হ`ল।.

কিয় এই প্ৰতিষেধক?

  • যক্ষ্মা
  • পলিঅ`
  • ঘোঁৰাশলখা
  • হুপিং কাহ
  • ধনুষ্টংকাৰ
  • হেপাটাইটিছ বি
  • সৰু আই
  • জাপানীজ এনকেফেলাইটিজ
 

২.১ যক্ষ্মা

২.১.১ Hএইবিধ ৰোগক কেনেকৈ চিনাক্তকৰণ কৰিব?

(ক) এজন ৰোগাক্ৰান্ত শিশু যি সন্দেহৰ আৱৰ্তত থকা অথবা নিশ্চিত যক্ষ্মা ৰোগত আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল।

(খ) তলত উল্লেখিত লক্ষণ সমূহৰ যিকোনো এটাৰ দ্বাৰা আক্ৰান্ত শিশু: ওজন হ্ৰাস, কাহ আৰু কষ্টকৰ শ্বাস-প্ৰশ্বাস যিয়ে আত্যাধিক সংক্ৰমণৰ ফলস্বৰূপে এণ্টিবায়`টিক থেৰাপীৰ প্ৰতি সঁহাৰি নজনাই।

২.১.২ ই কেনেকৈ বিয়পে?

যেতিয়া কোনো লোক হাওঁফাওৰ যক্ষ্মা ৰোগত আক্ৰান্ত ব্যক্তিৰ কাহ অথবা হাঁচি আদিৰ সংস্পৰ্শলৈ আহে তেতিয়া এই ৰোগ বিয়পাৰ সম্ভাৱনা থাকে। বিভিন্ন ধৰণৰ যক্ষ্মাৰ এটা ব`ভিন যক্ষ্মা হোৱাৰ এটা কাৰণ হ`ল নুতলোৱাকৈ সেৱন কৰা জন্তুৰ এৱাঁ গাখীৰ।

২.১.৩ ইয়াৰ প্ৰতিৰোধ কেনেকৈ সম্ভৱ??

বেচিলাছ কেলমেটি গুৱেৰিণ ( বি. চি. জি) ভেকচিন প্ৰদানে শিশুকালত হ`ব পৰা গুৰুতৰ যক্ষ্মা ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

২.২ পলিঅ`

পলিঅ` এক ভাইৰাছ জনিত সংক্ৰমণ যিয়ে স্নায়ুতন্ত্ৰত প্ৰভাৱ বিস্তাৰ কৰি তীব্ৰ অসুস্থতা, পক্ষাঘাত তথা মৃত্যু পৰ্য্যন্ত ঘটাব পাৰে। বিস্তৃত প্ৰতিষেধক প্ৰদান অভিযানৰ ফলস্বৰূপে ১৯৯৯ চনৰ পৰা পলিঅ` আক্ৰান্ত ৰোগীৰ সংখ্যা দেশত লক্ষণীয় ভাবে হ্ৰাস পোৱা দেখা গৈছে।

২.১.১ ৰোগ কেনেকৈ চিনাক্তকৰণ কৰিব?

হঠাতে উদ্ভৱ হোৱা দুৰ্বলতা আৰু ভৰি, বাহু তথা উৰু আদিৰ জঠৰতা যিটো জন্মগত ভাবে নাছিল তথা গুৰুতৰ আঘাট তথা মানসিক বিকাৰগ্ৰস্ততাৰ লগতো জৰিত নহয়।

২.২.২ ই কেনেকৈ বিয়পে?

মুকলিত কৰা শৌচৰ কণিকাৰ সংস্পৰ্শলৈ আহিলে, যিটো প্ৰয়োজনীয় স্বাস্থ্যবিধি মানি নচলাৰ ফলত ঘটে আৰু ইয়াৰ পৰোক্ষ কাৰক হ`ল দূষিত পানী, খাদ্য তথা গাখীৰ। আক্ৰান্ত লোক সমূহৰ পঞ্চাশ শতাংশতকৈয়ো অধিক হ`ল তিনি বছৰ অনুৰ্ধৰ শিশু।

২.২.৩ এই ৰোগ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

ইয়াক ফলপ্ৰসূ ভাবে প্ৰতিৰোধ কৰাৰ একমাত্ৰ উপায় হৈছে অৰেল পলিঅ` ভেকচিনৰ দ্বাৰা প্ৰতিৰোধকৰণ। পৰিপূৰক প্ৰতিৰোধকৰণ কাৰ্য্যসূচী ( এন. আই ডি আৰু এছ. এন আই ডি) ৰ সময়ত পাঁচ বছৰ বয়সৰ তলৰ ল`ৰা ছোৱালীক ইমিউনাইজেচন শ্বিডিউলৰ নিয়ম অনুযায়ী ৰুটিনমাফিক ভাৱে অৰেল পলিঅ` ভেকচিন প্ৰদান কৰা উচিত।

ঘোঁৰা শলখা

ঘোঁৰা শলখা ৰোগ (ক`ৰাইন বেক্টেৰিয়াম ডিফথেৰিয়া)ৰ ফলত হয়। ই এবিধ সংক্ৰামক ৰোগ যিয়ে সাধাৰণতে টনচিল তথা কণ্ঠক আক্ৰমণ কৰি এক আৱৰণৰ সৃষ্টি কৰে যাৰ ফলত ৰোগীৰ শ্বাসৰুদ্ধ হৈ মৃত্যু পৰ্য্যন্ত হ`ব পাৰে।

২.৩.১ ৰোগ কেনেকৈ চিনিব?গলৰ বাহিৰে তথা অৰ্ন্তভাগত ধোঁৱা বৰণীয়া ফোঁহাই দেখা দিয়ে।

২.৩.২ ই কেনেকৈ বিয়পে।

এই ৰোগ সৃষ্টি কৰা বেক্টেৰিয়াই সংক্ৰমিত ব্যক্তিজনৰ মুখ, নাক আৰু ডিঙিত বাহৰ পাতে। ই কাহ অথবা হাঁচিওৱাৰ ফলত এজনৰ পৰা আন এজনলৈ বিয়পে।

২.৩.৩ ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

শিশু কালৰ আৰম্ভণিতে ডি পি টি ভেক্চিন প্ৰদান কৰি ইয়াক সুসংবদ্ধ ভাবে প্ৰতিহত কৰিব পাৰি। টীকাকৰণ নকৰা পৰ্য্যন্ত চৈধ্য বছৰ বয়সলৈকে এই ৰোগৰ সংক্ৰমণৰ পুনাৰবৃত্তি ঘটাৰ সম্ভাৱনা থাকে। প্ৰতিষেধক প্ৰদান কাৰ্য্যৰ নিয়মাবলী অনুযায়ী এই ডি পি টি প্ৰতিষেধক প্ৰদান কৰা উচিত।

পাৰ্টুচ্চিচ ( হুপিং কাহ)

পাৰ্টুচ্চিচ যাক সাধাৰণতে হুপিং কাহ বুলি জনা যায়, ব`ৰডেটেল্লা পাৰ্টুচ্চিচ নামৰ এক বেক্টেৰিয়াৰ আক্ৰমণৰ ফলত সংঘটিত হয়। হুপিং কাহ এবিধ প্ৰবল ভাবে সোঁচৰা ৰোগ যি বেক্টেৰিয়াৰ আক্ৰমণৰ ফলত হয় আৰু ই শ্বাসনলীৰ লগত জড়িত। ইয়াক সঘনাই হৈ থকা কাহৰ দ্বাৰা চিনাক্তকৰণ কৰিব পাৰি যাৰ ফলত আনকি শ্বাসৰুদ্ধ হৈ ৰোগীয়ে মৃত্যুবৰণ পৰ্য্যন্ত কৰিব পাৰে।

২.৪.১ ইয়াক কেনেকৈ চিনাক্তকৰণ কৰিব?

পুনঃ তথা ভীষন ভাৱে হোৱা কাহ লগতে তলত দিয়া সমূহৰ কোনোবা এটা লক্ষণে দেখা দিলে: দুই সপ্তাহ বা তাতোধিক সময়জুৰি হোৱা কাহ, অন্য কাহৰ প্ৰকাৰসমূহ, কাহৰ পিছত হোৱা বমি, কাহিলে হোৱা শব্দ যিটো ডাঙৰ শিশুসকলৰ মাজত দেখা যায়।

২.৪.২ ই কেনেকৈ বিয়পে?

এই বেক্টেৰিয়াই আক্ৰান্ত ব্যক্তিৰ মুখ আৰু নাকত বাহৰ পাতে আৰু বতাহৰ মাধ্যমত অতি সহজে বিয়পিব পাৰে। কাহ তথা নিশাহত ই বিয়পে।

২.৪.৩ এই ৰোগ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

প্ৰতিষেধক প্ৰদান কাৰ্য্যসূচীৰ নিয়মাবলী অনুসৰি ডি পি টি ভেক্চিন প্ৰদান কৰিলে ই প্ৰতিহত হ`ব পাৰে। হুপিং কাহৰ ফলত ঘটা আধাতকৈয়ো অধিক মৃত্যু হ`ল বাৰ বছৰৰ তলৰ শিশুৰ।

ধনুষ্টংকাৰ

ধনুষ্টংকাৰ হ`ল ( ক্ল`ষ্ট্ৰিডিয়াম টিটানী) নামৰ এক বেক্টেৰিয়াৰ আক্ৰমণত হোৱা ৰোগ। সকলো বয়সৰ লোক এই ৰোগত আক্ৰান্ত হ`ব পাৰে। কেনেকৈ চিনাক্ত কৰিব?

২.৫.১ ইয়াক কেনেকৈ চিনাক্ত কৰিব?

ধনুষ্টংকাৰ হোৱা প্ৰথম দুদিনত সাধাৰণ বিষ অনুভূত হয়। তিনি দিনৰ পৰা আঠাইশ দিনৰ ভিতৰত ৰোগে বিস্তৃতি লাভ কৰে আৰু ডিঙি আদিৰ জঠৰতাই দেখা দিয়ে। ৰোগীয়ে শুহি খাব নোৱাৰা হয় আৰু মাংসপেশীত কঁপনি অনুভূত হয়।

২.৫.২ ই কেনেকৈ বিয়পে?

ই বোকা, অন্ত্ৰ আৰু জন্তুৰ মলৰ কণিকাত থাকে। ই কটা ঘাঁ, দেহত হোৱা বিন্ধা, অন্যান্য ঘাঁ, সংক্ৰমণ ( কাণৰ সংক্ৰমণ) আদিৰ দ্বাৰা দেহত প্ৰবেশ কৰে আৰু বেক্টেৰিয়া যেতিয়া আক্ৰান্ত ছাল অথবা আঘাট আদিৰ সংস্পৰ্শলৈ আহে তেতিয়া এই ৰোগৰ আৰম্ভণি হয়। নাভি ৰজ্জু অপৰিচ্ছন্ন ভাবে কৰা ছেদন তথা ড্ৰেছিং ৰ ফলতো ই বিয়পে। নৱজাতকৰ ধনুষ্টংকাৰে (এন এন টি) শিশু এটিৰ মৃত্যু পৰ্য্যন্ত ঘটাব পাৰে যদিহে চিকিৎসা প্ৰদান কৰা নহয়। যদিহে মাতৃ এগৰাকীয়ে অস্বাস্থ্যকৰ পৰিবেশ এটাত সন্তান প্ৰসৱ কৰে তেন্তে জন্মৰ প্ৰথম কেইদিনমানৰ ভিতৰতেই সন্তানৰ এই ৰোগ হ`ব পাৰে।

২.৫.৩ এই ৰোগ কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি?

গৰ্ভৱতী নাৰী তথা শিশুক প্ৰতিষেধক প্ৰদান কাৰ্য্যসূচীৰ নিয়মাবলী অনুসৰি টিটি/ডিটি/ডিপিটি প্ৰতিষেধক প্ৰদান কৰাটোৱেই নবজাতকৰ ধনুষ্টংকাৰ তথা অন্য বয়সৰ লোকৰ মাজত হোৱা ধনুষ্টংকাৰ প্ৰতিৰোধ কৰাৰ এটা ফলপ্ৰদ উপায়।

হেপাটাইটিছ বি

হেপাটাইটিছ বি এবিধ অত্যাধিক ভাৱে সংক্ৰমণশীল ভাইৰেল ৰোগ (এইচ আই ভি ত কৈ চল্লিশৰ পৰা এশ গুণ অধিক সংক্ৰমণশীল)। ই হ`ল জণ্ডিচ, ফুলমিনাণ্ট লিভাৰ ডিজীজ চিৰ`চিচ আৰু যকৃতত হোৱা কৰ্কট ৰোগৰ প্ৰধান কাৰক।

২.৬.১ কেনেকৈ ইয়াক চিনাক্তকৰণ কৰিব?

চিকিৎসাজনিত লক্ষণ সমূহ যেনে জ্বৰ, তীব্ৰ মূৰৰ বিষ, বমি, মূৰ ঘূৰণী, জণ্ডিচ ( হালধীয়া চকু) পাতল ছাঁইবৰণৰ শৌচ আদি। পৰীক্ষাগাৰত কৰা পৰীক্ষাৰ দ্বাৰা ৰোগৰ উপস্থিতি সম্পৰ্কে নিশ্চিত হ`ব পৰা যায়।

২.৬.২ ই কেনেকৈ বিয়পে?

ই সংক্ৰমিত ৰক্ত তথা দেহজ তৰলৰ সংস্পৰ্শলৈ অহাৰ ফলত বিয়পে। সন্তান জন্মৰ সময়ত, অসুৰক্ষিত যৌন সম্ভোগৰ ফলত, অসংশোধিত বেজীৰ ব্যৱহাৰ তথা দাতোন আৰু ক্ষুৰ আদিৰ সহায়তো ই বিয়পে।

২.৬.৩ কেনেকৈ ইয়াক প্ৰতিৰোধ কৰিব পাৰি?

শিশুক প্ৰতিষেধক প্ৰদানৰ দ্বাৰা আমি সংক্ৰমণ তথা ইয়াৰ ফলত হ`ব পৰা জটিলতা প্ৰতিৰোধ কৰিব পাৰো। হেপাটাইটিছ বিৰ ভেকচিন ডি. পি. টি ৰ সৈতে একেলগে ৬, ১০ আৰু ১৬ সপ্তাহ বয়সত দিয়া হয়। কোনো প্ৰতিষ্ঠানত হোৱা প্ৰসৱৰ ক্ষেত্ৰটো ইয়াক জন্মৰ সময়তে এটা তথা তাৰ পিছৰ দুটা ক্ৰমে ৬ আৰু ১৪ সপ্তাহত দিয়াৰ প্ৰয়োজন।

সৰু আই

সৰু আই এবিধ তীব্ৰ সংক্ৰমণশীল ৰোগ যিটো আক্ৰান্ত ব্যক্তিৰ নাক, মুখ আৰু ডিঙিত আশ্ৰয় লোৱা এক ভাইৰাছৰ দ্বাৰা সংঘটিত হয়। সংক্ৰমণৰ লক্ষণ সমূহ হ`ল জ্বৰ, কাহ, আৰু ৰঙা খহু তথা থজুৱতি যাৰ দ্বৈত সংক্ৰমণ হৈ হোৱা ডায়েৰিয়া বা নিউমোনিয়াৰ ফলত ৰোগীৰ মৃত্যু পৰ্য্যন্ত হ`ব পাৰে।

২.৭.১ কেনেকৈ চিনাক্তকৰণ কৰিব?

জ্বৰ তথা খজুৱতি হৈ গুটি গুটি উঠা প্ৰচণ্ড কাহ চৰ্দি আৰু চকু ৰঙা পৰি যোৱা ইত্যাদি।

২.৭.২ কেনেকৈ বিয়পে?

আক্ৰান্ত ব্যক্তি এজনে হাঁচি বা কাহ মৰাৰ ফলত কফৰ কণিকা বায়ুত মিহলি হ`লে তাৰ জৰিয়তে এই ভাইৰাছ বিয়পে।

২.৭.৩ কেনেকৈ প্ৰতিৰোধ কৰিব?

সৰু আইৰ টিকাকৰণৰ দ্বাৰা ইয়াক প্ৰতিৰোধ কৰিব পাৰি আৰু প্ৰতিৰোধকৰণ কাৰ্য্যসূচীৰ নিয়মাবলী অনুযায়ী ইয়াক প্ৰদান কৰা দৰকাৰ।

জাপানীজ এন্কেফেলাইটিছ

জাপানীজ এন্কেফেলাইটিছ(জে ই)এক ভাইৰাছজনিত কাৰণত হোৱা ৰোগ।ই ভাৰতৰ অন্যতম মাৰাত্মক ভাইৰেল এন্কেফেলাইটিছ ৰোগ সমূহৰ ভিতৰত এটা। ই অন্যান্য ৰাজ্যৰ বিশেষ কিছুমান ভৌগোলিক ক্ষেত্ৰতো বৰ্তি আছে।

২.৮.১ ই কেনেদৰে বিয়পে?

জে. ই মহৰ কামোৰৰ দ্বাৰা বিয়পে। এই ভাইৰাছে সাধাৰণতে চৰাই তথা পোহনীয়া জন্তু বিশেষকৈ গাহৰিক আক্ৰমণ কৰে আৰু যদিহে আক্ৰান্ত পশু এটাক কামুৰি সেই মহে কোনো শিশুক কামোৰে তেতিয়া সেই শিশুৰ দেহলৈও এই ৰোগ বিয়পিব পৰে।

২.৮.২ ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

প্ৰতিষেধক প্ৰদানেই হৈছে জাপানীজ এন্কেফেলাইটিছ প্ৰতিহত কৰাৰ একমাত্ৰ দৰকাৰী বিধি। সংক্ৰমণ প্ৰৱণ জিলাসমূহৰ বাবে আঁছুটিয়াকৈ গাইডলাইন যোগান ধৰা হ`ব য`ত জে ই ভেক্চিন নিয়মিত প্ৰতিষেধক প্ৰদান আঁচনিৰ এক অংশ হ`ব।

অসমত বিশ্বজনীন টিকাকৰণ অভিযান ( ইউ আই পি) ৰ অধীনত লাভ কৰা প্ৰমূখ সফলতাসমূহ

  • ১৮ ফেব্ৰুৱাৰী ২০১৫ চনত অসমৰ সকলো জিলাতে পেণ্টাভেলেণ্ট ভেক্চিনৰ প্ৰৱৰ্তন কৰা হয়।
  • ১৬ ডিচেম্বৰ ২০১৫ চনত অসমত আই পি ভি (নিস্ক্ৰিয়কৃত প`লিঅ ভাইৰাছ ভেকচিনৰ প্ৰৱৰ্তন কৰা হয়।
  • ট্ৰাইভেলেণ্ট অ পি ভি ( টাইপ ১২৩) ৰ পৰা বাইভেলেণ্ট অ`পি ভি ( টাইপ১।৩) লৈ বিশ্বজোৰা কাৰ্য্যসূচীৰ সূচনা।
  • নবজাতকৰ হোৱা ধনুষ্টংকাৰ অসমৰ পৰা নিশ্ছিহ্ন হয়।
  • পলিঅ` মুক্ত প্ৰমাণপত্ৰ ( টাইপ ২ পলিঅ`) বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা লাভ কৰে য`ত দক্ষিণ পূৱ এছিয়াও সাঙোৰ খায়।
  • অসমৰ সৰ্বমুঠ ২৭ খল জিলাত শিশুৰ জে ই প্ৰতিষেধক প্ৰদান (১ ৰ পৰা ১৫ বছৰ বয়সলৈ) কাৰ্য্য সম্পূৰ্ণ কৰা হয় আৰু আৰ আই ত সন্নিবিষ্ট কৰা হয়।
  • চকিৎসা মহাবিদ্যালয় সমূহত ইউনিচেফৰ সহযোগিতাত অধিক ফলপ্ৰসূ ভাবে ভেক্চিন ব্যাৱস্থাপনাৰ ওপৰত অধ্যয়ন কৰা হয়।
  • বিশেষ প্ৰতিষেধক প্ৰদান পদক্ষেপ:
    1. সকলো বাহিৰত থাকি যোৱা আৰু বাদ পৰি যোৱা শিশু আৰু গৰ্ভৱতী মহিলা সকলৰ টীকাকৰণৰ কাৰণে এটা গভীৰ প্ৰয়াস।
    2. অসমত ৯০ % ত কৈ বেছি পূৰ্ণ প্ৰতিষেধক কভাৰেজ উন্নত কৰিবলৈ।
  • সজাগতা বৃদ্ধিৰ বাবে ৰেড এফ এম ৰ লগত একেলগ হয়।
  • প্ৰাপ্তবয়স্কৰ জে ই প্ৰতিষেধক প্ৰদান অভিযান অনুস্থিত কৰা অসমেই একমাত্ৰ ৰাজ্য আৰু ই ১৪ খন জিলাত প্ৰাপ্ত বয়স্কৰ জে ই প্ৰদান অভিযান সম্পন্ন কৰে।
  • এই বছৰত প্ৰাপ্ত বয়স্কৰ জে ই অভিযান প্ৰয়োগাত্মক ভাবে ৪ খন জিলাত প্ৰৰ্ৱতন হয়-কাছাৰ, বঙাইগাওঁ, নলবাৰী আৰু মৰিগাওঁ ত ১৭ মাৰ্চ ২০১৭ তাৰিখে।
  • ৰোটা ভাইৰাছৰ প্ৰতিষেধক ১৪ জুন ২০১৭ তাৰিখে প্ৰৰ্ৱতন কৰা হয় ।
  • গ`ল ৰ দ্বাৰা চিনাক্ত কৰা ১৩ খন জিলাত ৭ ফেব্ৰুৱাৰী ২০১৭ ৰ পৰা মে ২০১৭ লৈ ইন্দ্ৰধনুষষ অভিযান দফা ৪ অনুষ্ঠিত হৈ যায়।
  • পিছপৰা সম্প্ৰদায় তথা চাহ জনজাতি সম্প্ৰদায় সমূহৰ প্ৰয়েজনীয়তা সমূহ পূৰণ কৰাৰ উদ্দেশ্যে এছ বি চি চি প্ৰশিক্ষণ ৰ সহায়ত বিভিন্ন কাৰ্য্যপন্থা তথা লাইভ ভিডিঅ` প্ৰদৰ্শনৰ বাবে সমল যুগুত কৰা হয়।
 

ৰাষ্ট্ৰীয় প্ৰতিষেধক অনুসূচী

ক্ৰ: নং.ভেকচিনসুৰক্ষাখোৰাকৰ সংখ্যাপ্ৰতিষেধক প্ৰদান সূচী
বি চি জি ( বেচিলাছ কালমেটি গুৱেৰিণশিশুকালত হোৱা যক্ষ্মা জন্মৰ লগে লগে ( যদি আগতে দিয়া নাই এবছৰলৈকে)
পেণ্টাভেলেণ্ট ( ঘোঁৰাশলখা, হুপিংকাহ, ধনুষ্টংকাৰ জি পি টি)হেপাটাইটিছ বি আৰু হেম`ফিলাছ ইনফ্লুৱেঞ্জা বি( এইচ আই বি)পেণ্টাভেলেণ্ট ( ঘোঁৰাশলখা, হুপিংকাহ, ধনুষ্টংকাৰ জি পি টি)হেপাটাইটিছ বি আৰু হেম`ফিলাছ ইনফ্লুৱেঞ্জা টাইপ বি সংযুক্ত নিউমোনিয়া আৰু মস্তিষ্কত ধৰা জ্বৰ ৬, ১০, আৰু ১৪ সপ্তাহত
 জি পি টি(ঘোঁৰাশলখা, হুপিংকাহ, ধনুষ্টংকাৰ টক্সাইড)ঘোঁৰাশলখা, হুপিংকাহ, ধনুষ্টংকাৰ১৬ ৰ পৰা ২৪ মাহৰ ভিতৰত দুটা বুষ্টাৰ আৰু ৫ বছৰ বয়সত। তিনিটা প্ৰাথমিক খোৰাক ৬, ১০ আৰু ১৪ সপ্তাহত এই পেণ্টাভেলণ্ট ভেকচিনৰ অংশ
হেপাটাইটিছ বিহেপাটাইটিছ বিকোনো প্ৰতিষ্ঠানত হোৱা প্ৰসৱৰ ক্ষেত্ৰত ২৪ ঘণ্টাৰ ভিতৰত। তিনিটা প্ৰাথমিক খোৰাক ক্ৰমে৫, ১০ আৰু ২৪ সপ্তাহত পেণ্টাভেলেণ্ট ভেকচিনৰ অংশ হিচাপে
অ পি ভি ( অৰেল পলিঅ` ভেকচিন)পলিঅ`কোনো প্ৰতিষ্ঠানত হোৱা প্ৰসৱৰ ক্ষেত্ৰত জন্মতে দিয়া খোৰাক। ৬, ১০ আৰু ১৪ সপ্তাহত ক্ৰমে তিনিটা প্ৰাথমিক খোৰাক। মুখেৰে দিয়া এটা বুষ্টাৰ খোৰাক ক্ৰমে ১৬-২৪ মাহৰ ভিতৰত।
আই পি ভি ( ইনএক্টিভেটেড পলিঅ` ভেকচিন)পলিঅ`১৪ সপ্তাহত এটা খোৰাক অ পি ভি ৰ লগতে ইনজেক্টেবল খোৰাক প্ৰদান
জাপানীজ এনকেফেলাইটিজজাপানীজ এনকেফেলাইটিজপ্ৰথম খোৰাক ৯ ৰ পৰা ১২ মাহৰ ভিতৰত আৰু দ্বিতীয় খোৰাক ১৬-২৪ মাহৰ ভিতৰত
সৰু আইসৰু আইপ্ৰথম খোৰাক ৯ ৰ পৰা ১২ মাহৰ ভিতৰত আৰু দ্বিতীয় খোৰাক ১৬-২৪ মাহৰ ভিতৰত
ভিটামিন একুকুৰীকণাপ্ৰথম খোৰাক ৯ মাহত ২য় খোৰাক ১৮ মাহত তৃতীয় ৰ পৰা নৱম খোৰাক ছয় মাহৰ অন্তৰে অন্তৰে ৫ বছৰলৈ
১০ৰোটা ভাইৰাছৰোটা ভাইৰাছ জনিত ডায়েৰিয়া৬, ১০ আৰু ১৪ সপ্তাহত মুখেৰে দিয়া তিনিটা খোৰাক
১১টি টি (টিটেনাছ টস্কাইড)ধনুষ্টংকাৰ২৩১০ তথা ১৬ বছৰ বয়সত গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত দুটা খোৰাক দিব লাগে (যদিহে আগৰ তিনি বছৰত ভেকচিন দিয়া হৈছিল তেন্তে এটা খোৰাক)

$ বৰ্তমান সময়ত ছয়খন ৰাজ্য যেনে অসম, বিহাৰ, গুজৰাট, মধ্যপ্ৰদেশ, পঞ্জাৱ আৰু উত্তৰ প্ৰদেশ সম্প্ৰসাৰণ প্ৰক্ৰিয়াত আছে

# সংক্ৰমণ প্ৰৱণ জিলাত

* পৰ্য্যায়গত পৰিচয়, ২০১৬ ৰ পৰা বৰ্তমানলৈকে অন্ধ্ৰপ্ৰদেশ, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু ওড়িষ্যাত।

বয়সপ্ৰতিষেধক প্ৰদান সূচী
জন্মতবি চি জি, অ পি ভি ( ০ খোৰাক), হেপাটাইটিছ বি ( জন্ম খোৰাক)
৬ সপ্তাহ ( ডেৰ মাহ)ও পি ভি-১, পেণ্টাভেলেণ্ট-১, ৰোটা ভাইৰাছ ভেকচিন-১
১০ সপ্তাহ ( আঢ়ৈ মাহ)ও পি ভি-১, পেণ্টাভেলেণ্ট-২, আৰ ভি ভি-২
১৪ সপ্তাহ ( চাৰে তিনি মাহ)ও পি ভি-৩, পেণ্টাভেলেণ্ট-৩, আৰ ভি ভি-৩ আৰু আই পি ভি
৯-১২ মাহসৰু আই প্ৰথম খোৰাক, জে ই ১, ভি আই টি. এ
১৬-২৪ মাহডি পি টি- বুষ্টাৰ প্ৰথম খোৰাক, সৰু আই দ্বিতীয় খোৰাক, অ পি ভি বুষ্টাৰ খোৰাক, জে ই দ্বিতীয় খোৰাক
৫-৬ বছৰডি পি টি বুষ্টাৰ দ্বিতীয় খোৰাক
১০ বছৰটি টি প্ৰথম বুষ্টাৰ খোৰাক
১৬ বছৰটি টি দ্বিতীয় বুষ্টাৰ খোৰাক

ইন্দ্ৰধনুষ অভিযান

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ( এম ও এইচ এফ ডব্লিউ )ৰ কৌশলী উদ্যমৰ আলমত ভাৰত চৰকাৰে ২০১৪ চনৰ ডিচেম্বৰত ইন্দ্ৰধনুষ অভিযান আৰম্ভ কৰে।

বিশেষ সন্নিবিষ্টকৰণ কাৰ্য্যপন্থাৰ জৰিয়তে এই অভিযানে ভাৰতৰ শিশু সকল যাতে অহা পাঁচ বছৰত পূৰ্ণ প্ৰতিষেধক প্ৰদান কাৰ্য্যসূচীৰ আওঁতালৈ আহে আৰু ইয়াৰ হাৰ ২০০৪ চনৰ ৬৫ % পৰা বাঢ়ি ৯০ % হয় তাৰ ওপৰত অবলোকন কৰে।

২০১ খন উচ্চ মাত্ৰাত গুৰুত্ব আৰোপ কৰা জিলাৰ ভিতৰত ৮২ খন জিলা ক্ৰমে বিহাৰ, মধ্যপ্ৰদেশ, ৰাজস্থান উত্তৰ প্ৰদেশত অৱস্থিত। ২৫ % প্ৰতিষেধক গ্ৰহণ নকৰা তথা আংশিক ভাবে গ্ৰহণ কৰা শিশু ইয়াতেই আছে।

অগ্ৰাধিকাৰ প্ৰদানৰ ওপৰত ভিত্তি কৰি দেশখনক উচ্চ, মধ্য আৰু নিম্ন মাত্ৰাত গুৰুত্ব প্ৰদান কৰা জিলা সমূহত ভাগ কৰা হৈছে।ইন্দ্ৰধনুষ অভিযানৰ প্ৰথম দফাই ২০১ খন উচ্চমাত্ৰাত গুৰুত্ব প্ৰাপ্ত জিলাক সাঙুৰি লৈ এপ্ৰিল আৰু জুলাই ২০১৫ ৰ ভিতৰত চাৰি খলপীয়া কাৰ্য্যপন্থা হাতত লয়। দ্বিতীয় দফাই অক্টোবৰ ২০১৫ আৰু জানুৱাৰী ২০১৬ ৰ ভিতৰত চাৰি তৰপীয়া কাৰ্য্যপন্থাৰে ৩৫২ খন জিলাক লক্ষ্য কৰি লয় যাৰ ভিতৰত প্ৰথম দফাৰ ৭৩ খন জিলাক পুনৰ অন্তৰ্ভূক্ত কৰা হয়।

ইন্দ্ৰধনুষৰ অভিযানৰ তিনি দফাই ২০১৬ চনত ২০১৬ খন উচ্চ হাৰত গুৰুত্ব প্ৰাপ্ত অঞ্চলক সাঙুৰি লয় যিয়ে ২৭ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক সাঙুৰি লয়।

ক`ল্ড চেইন কি?

ভেকচিনসমূহ নিৰ্মাণকাৰী উদ্যোগৰ পৰা আহি ব্যৱহাৰ হোৱা সময়লৈকে এই মাজৰ পৰিবহণ তথা সংৰক্ষণৰ সময়খিনিত উপযুক্ত তাপমাত্ৰা বৰ্তাই ৰাখিবলৈ প্ৰয়োজন হোৱা মানুহ, সৰু সঁজুলি তথা অন্যান্য প্ৰক্ৰিয়াৰ ব্যৱস্থাটোকে `কল্ড চেইন` বোলে। পৰিধীয় স্তৰত ভেক্চিন সমূহৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ স্বাস্থ্যকৰ্মী সকলেই দায়বদ্ধ। যদি ভেকচিন সমূহে উচ্চ তাপমাত্ৰা পোহৰ অথবা শীত লাভ কৰে তেনে আৱস্থাত ই হয়তো নষ্ট হৈ যাব অথবা ইয়াৰ গুণাগুণ নিম্নগামী হ`ব। যদিহে এনকুৱা হয় শিশু এজনে ভেকচিন প্ৰদানৰ পৰা পাব পৰা ফল লাভ কৰাত ব্যৰ্থ হ`ব।

প্ৰতিষেধকৰ সংবেদনশীলতা

কি কি কাৰণত ভেকচিন সমূহে ক্ষমতা হেৰুৱাব

  • তাপ ( +৮ ° চেণ্টিগ্ৰেডৰ ওপৰত)- ইউ আই পিৰ অধীনৰ সকলো ভেকচিন
  • শীত (-১২°চেণ্টিগ্ৰেডৰ তলত)- হেপাটাইটিছ বি, পেণ্টাভেলেণ্ট, আই পি ডি, ডি পি টি, টিটি
  • পোহৰ – বি চি জি, সৰু আই আৰু এম আৰ

বৰ্তমান অসমত থকা ভেকচিনৰ গুডাম সমূহৰ স্থিতি

ভেকচিনৰ গুডামসংখ্যা
জি এম এছ ডি
ৰাজ্যিক ভেকচিন গুডাম
আঞ্চলিক ভেকচিন গুডাম
জিলা ভেকচিন গুডাম২৭
চি এইচ চি/পি এইচ চি / ইউ এইচ চি/ অন্যান্য হস্পিতেল / ক`ল্ড চেইন৮১৬
মুঠ চি চি পি এছ অসমত৮৪৯

ভাৰতত ভেকচিনৰ প্ৰভাৱ:

ভাৰতত ভেকচিনৰ সাৰ্বজনিক ব্যৱহাৰে ভি পি ডি ৰ ৰোগব্যাধী আৰু মৰণশীলতাৰে ওপৰত এটা প্ৰভাৱশালী প্ৰভাৱ পেলাইছে। বছৰ ধৰি বিভিন্ন অধ্যয়ন আৰু জৰিপে এই পৰিৱৰ্তন সমূহৰ মাত্ৰা নিৰ্ধাৰিত কৰিছে। তলত তথ্য গ্ৰাফিকে সফলতাৰ প্ৰদৰ্শন কৰিছে কিন্তু আমাক আৰু অধিক শক্তিশালী আৰু ধৰি ৰখাৰ প্ৰয়াস বৃদ্ধিৰ আৱশ্যকতাক মনত পেলায়ো দিয়ে।

শিশুসকল বাদ পৰি যোৱাৰ কাৰণ

কভাৰেজ ইভালুৱেচন চাৰ্ভে ২০০৯ এ গোটৰ দ্বাৰা উদ্ধৃত হিছাবে প্ৰতিষেধক সেৱা উপলদ্ধ নকৰাৰ কাৰণ সমূহ চিনাক্ত কৰিছিল। বহুতৰে ডিমাণ্ড চাইড সমস্যা সমূহ আছিল, উ: স্ব: টীকাকৰণৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিছিল, ভেকচিনৰ বিষয়ে জ্ঞাত নাছিল বা টীকাকৰণৰ কাৰণে কলৈ যাব লাগিব নাজানিছিল, সময় সুবিধাজনক নাছিল, পাৰ্শ্বক্ৰিয়াৰ ভয় অথবা সময় নাছিল। উত্তৰ প্ৰদেশত ঘৰে ঘৰে আৰু আই মনিটৰিঙৰ সাম্প্ৰতিক তথ্য সমূহৰ পৰা সজাগতাৰ অভাৱ আৰু এই এফ আই ৰ ভয়ক প্ৰমূখ্য হিছাবে দৃষ্টিগোচৰ কৰাইছে।

ফিগাৰ ৯ ত শিশু সকল বাদ পৰি যোৱাৰ কাৰণ সমূহ দেখুওৱা হৈছে

শিশু ইমিউনাইজেচন কাৰ্ড আৰু কাউণ্টাৰফইল কি?

A correctly and completely filled infant immunization card contains mother's and child's name, date of birth, complete address and immunization status. The immunization card is important for the following reasons :

কি কি ভেকচিন দিয়া হ`ল আৰু কি দিবলৈ আছে তাৰ বিষয়ে পিতৃ মাতৃক অৱগত কৰে।

  • ই স্বাস্থ্য কৰ্মী সকলক এগৰাকী গাইগুটিয়া প্ৰসূতি তথা শিশুৰ পূৰ্ণ ইমিউনাইজেচনৰ দিশত হোৱা অগ্ৰগামিতাৰ বুজ লোৱাত সহায় কৰে।
  • যদিহে দানগ্ৰাহী গৰাকী অন্য ঠাইৰ পৰা আহে তেন্তে ভেকচিনেশ্বন স্থিতি সম্পৰ্কে তথ্য পোৱাত সহায়ক হয়।
  • ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে এটা অংশ পিতৃ মাতৃৰ লগত থকাটো প্ৰয়োজনীয়।
 

আঁচনিৰ নাম / কাৰ্য্য-প্ৰণালী

ইউনিভাৰ্চেল ইমিউনাইজেচন প্ৰগ্ৰেম

আঁচনিৰ চমু বিৱৰণী / কাৰ্য্য-প্ৰণালী

ইউনিভাৰ্চেল ইমিউনাইজেচন প্ৰগ্ৰেম ( ইউ. আই. পি)

বৰ্তমান সময়ত ১৬ বছৰ বয়সলৈকে সকলো নাবালক তথা শিশুৱে প্ৰতিৰোধ সক্ষম ৰোগ বোৰৰ বিৰুদ্ধে ভেক্চিন লাভ কৰি আছে। আৰম্ভণিতে পলিঅ`মাইলিটিচ, যক্ষ্মা, ঘোঁৰা শলখা, হুপিং কাহ, ধনুষ্টংকাৰ আৰু টাইফয়েড ৰোগৰ ভেকচিন প্ৰৱৰ্তন কৰা হয়। ইয়াৰ উপৰিও গৰ্ভৱতী মহিলাসকলক টি টি ৰ দুটা খোৰাক প্ৰদানৰ ব্যৱস্থা কৰা হয়।

ইয়াৰ পিছতেই ১৯৮৫ চনৰ পৰা ভাৰত চৰকাৰে ``ইউনিভাৰ্চেল ইমিউনাইজেচন প্ৰগ্ৰেম``ৰ অধীনত প্ৰতিষেধক প্ৰদান কাৰ্য্যসূচী ৰূপায়ন কৰে।

বয়সপ্ৰতিষেধক প্ৰদান সূচী
জন্মতবি চি জি, অ পি ভি ( ০ খোৰাক), হেপাটাইটিছ বি ( জন্ম খোৰাক)
৬ সপ্তাহ ( ডেৰ মাহ)ও পি ভি-১, পেণ্টাভেলেণ্ট-১
১০ সপ্তাহ ( আঢ়ৈ মাহ)ও পি ভি-১, পেণ্টাভেলেণ্ট-২
১৪ সপ্তাহ ( চাৰে তিনি মাহ)ও পি ভি-৩, পেণ্টাভেলেণ্ট-৩ আৰু আই পি ভি
৯-১২ মাহসৰু আই প্ৰথম খোৰাক, জে ই ১, ভি আই টি. এ
১৬-২৪ মাহডি পি টি- বুষ্টাৰ প্ৰথম খোৰাক, সৰু আই দ্বিতীয় খোৰাক, অ পি ভি বুষ্টাৰ খোৰাক, জে ই দ্বিতীয় খোৰাক
৫-৬ বছৰডি পি টি বুষ্টাৰ দ্বিতীয় খোৰাক
১০ বছৰটি টি প্ৰথম বুষ্টাৰ খোৰাক
১৬ বছৰটি টি দ্বিতীয় বুষ্টাৰ খোৰাক

ইমিউনাইজেচন সন্দৰ্ভত চাৰ্কুলাৰ তথা গাইডলাইন:

  • সংশোধিত এ এছ এইচ এ ইনচেনটিভ ২০১৪ ৰ ওপৰত গ`ল গাইডলাইন
  • ইউনিভাৰ্চেল ইমিউনাইজেচন প্ৰগ্ৰেম কাৰ্য্যকৰী কৰিবৰ বাবে পি আই পি পাৰ্ট চি ৰ অধীনত গলৰ পৰা সংশোধিত অৰ্থজনীত ৰিতি নীতি সন্দৰ্ভত পত্ৰ লাভ।
  • এম অ এইচ এফ ডব্লিউ অপেন ভায়েল পলিচি ২০১৫
  • এম ও এইচ এফ ডব্লিউ ছ`লাৰ ছাৰকুলাৰ।
  • অন্যান্য ৰাজ্যসমূহত আংশিক খোৰাক প্ৰৱৰ্তনৰ ববে পত্ৰ।
 

গাইডলাইন আৰু হস্তপুথি:

  • এ এম এম হস্তপুথি ( পুৰণা)
  • মেডিকেল অফিচাৰৰ বাবে ইমিউনাইজেচন হস্তপুথি
  • আই পি পি আই গাইড
  • জে ই অপচ গাইড ২৯ নবেম্বৰ ২০১২
  • ৰাষ্ট্ৰীয় ভেকচিন আঁচনি
  • সৰু আইৰ সংক্ৰমণ অনুসন্ধানৰ বাবে ( সংশোধিত ) ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ প্ৰৱৰ্তন।
  • ভি চি চি এইচ (২০১৬) ইংৰাজী হস্তপুথি
  • আৰ ভি ভি ৰ ওপৰত এফ এ কিউ
  • পেণ্টাভেলেণ্ট ভেকচিন অপাৰেচনেল গাইডলাইন ভাৰত ২০১১
 

পঞ্জীয়ন আৰু ফৰ্মেট:

  • আৰ আই মনিটৰিং ফৰ্মেট
  • মনিটৰিং ফৰ্মেট এছ ও পি
  • ভেকচিন বিতৰণৰ পঞ্জীয়ন: ইমিউনাইজেচন চেচন পঞ্জীয়ন
  • ভেকচিন প্ৰদানকাৰীৰ পৰিসাংখ্যিক টোকাবহী
  • ভেকচিনৰ পঞ্জীয়ন ইছু তথা ৰিচিপ্ট
  • উষ্ঞতা লগ কিতাপ
  • ইনডেণ্টফৰ্ম
 

তথ্য তালিকা

  • অসম এ এইচ এছ বুলেটিন ২০১০-১১
  • অসম ফেক্টশ্বিট ২০১১-১২
  • ফেক্টশ্বিট অসম ১২-১৩
  • অসম ইউ আই পি ফেক্টশ্বিট ২০১৫
 

পাঁচ বছৰৰ সফলত সমূহ তলত উল্লখ কৰা হল:

পূৰ্ণ  ইমিউনাইজেচন ক`ভাৰেজ২০১১-২০১২৭৭.৩৭ %
নাবালকৰ বাবে২০১২-২০১৩৮৩.৮০ %
 ২০১৩-২০১৪৮৭.৫৭ %
 ২০১৪-২০১৫৮৬.১৫ %
 ২০১৫-২০১৬৮৮.১৮ %

ইন্দ্ৰধনুষ অভিযান

দৈনিক প্ৰতিষেধক প্ৰদান অভিযান অধিক শক্তিশালী কৰিবৰ বাবে তথা ৰৈ যোৱা তথা বহিষ্কাৰ হোৱা নীতি সমূহক পুনৰ কাৰ্য্যক্ৰম কৰি তুলিবৰ কাৰণে ২০১৫ চনৰ ৭ এপ্ৰিলত আঠখন জিলাত দফা ১ হিছাবে ইন্দ্ৰধনুষ অভিযান প্ৰাৰম্ভ কৰা হয় তথা ই ৭ অক্টোবৰ ২০১৫ লৈ দ্বিতীয় দফাত ১৮ খন জিলা সাঙুৰি লয় তথা পুনৰাই ৭ এপ্ৰিল ২০১৬ত দফা-৩ৰ অধীনত ৪ টা ক্ৰম অতিক্ৰম কৰে।

জে ই প্ৰতিষেধক প্ৰদান শিবিৰ ( ১-১৫ বছৰ)

২০০৬-০৭ চনৰ আৰম্ভণিৰ পৰা আমি অসমৰ ২৭ খন জিলাৰ ৮৭ লাখতকৈও অধিক শিশুৰ প্ৰতিষোধক প্ৰদানৰ লগতে ১ ৰ পৰা ১৫ বছৰ বয়সৰ অন্তগৰ্ত শিশুসকলৰ বাবে শিশু প্ৰতিষেধক প্ৰদান অভিযান সমাপ্ত কৰা হৈছে।

প্ৰাপ্তবয়স্ক জে ই প্ৰতিষেধক প্ৰদান শিবিৰ (১৫-৬৫ বছৰ)

২০১৩-১৪ ৰ সময়চোৱাত আমি ১৫ ৰ পৰা ৬৫ বছৰ বয়সৰ অন্তগৰ্ত প্ৰাপ্তবয়স্কৰ বাবে প্ৰাপ্তবয়স্ক জে ই প্ৰতিষেধক প্ৰদান অভিযান লক্ষিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া, যোৰহাট, ধেমাজী, গোলাঘাট, কামৰূপ (গ্ৰাম্য), সোণাপুৰ ব্লক কামৰূপ (নগৰ) জিলাত সমাপ্ত কৰা হয়। ইয়াৰ ওপৰি ২০১৫-১৬ বৰ্ষৰ সময়চোৱাত দৰং, নগাওঁ, শোণিতপুৰ, ওদালগুৰি জিলাত প্ৰাপ্তবয়স্ক জে ই প্ৰতিষেধক প্ৰদান অভিযান প্ৰৱৰ্তন কৰা হয়।

চলিত ২০১৬-১৭ বৰ্ষত কাছাৰ (কেচ-৯, মৃত-০), মৰিগাওঁ (কেচ-৯, মৃত-২), নলবাৰী (কেচ-১০, মৃত-৫), বঙাইগাওঁ (কেচ-৫, মৃত-১) জিলাত প্ৰাপ্তবয়স্ক জে ই প্ৰতিষেধক প্ৰদানৰ প্ৰস্তাৱ ৰখা হয় আৰু ব্লক অনুযায়ী প্ৰতিষেধক প্ৰদান কৰিবলগীয়া টাৰ্গেট দানগ্ৰাহীসকলক ইতিমধ্যে প্ৰতিষেধক আৰু চিৰিঞ্জ মুকলি কৰাৰ বাবে জিওআই ৰ লগত সংযোজিত কৰা হয় লগতে ইয়াৰ লগত জড়িত পুঁজিৰ বাবে আৰ ও পি ( চি.১.ইউ ২০১৬-১৭) ৰ লগত সংযোগ কৰা হয়।

পালচ্ পলিঅ` প্ৰতিষেধক ছিটা কাৰ্য্যক্ৰম:

পালচ্ পলিঅ` প্ৰতিষেধক ছিটা কাৰ্য্যক্ৰম ১৯৯৫ চনত আৰম্ভ হয় আৰু এন আই ডি আৰু আই পি পি আই কাৰ্য্যক্ৰমৰ দ্বাৰা এই পৰ্য্যন্ত পলিঅ` মাইলাইটিছ্ৰ বিৰুদ্ধে যুঁজিবলৈ বছৰি দুবাৰকৈ পালচ্ পলিঅ` প্ৰতিষেধক ছিটা কাৰ্য্যসূচী চলাই থকা হৈছে। ১৩ জানুৱাৰী ২০১১ বৰ্ষৰ পৰা ৬/০৮/২০১৩ পৰ্য্যন্ত ভাৰতবৰ্ষ পলিঅ` মাইলাইটিছ্ মুক্ত হৈছে আৰু ডব্লিউ এইচ ও ৰ দ্বাৰা মাৰ্চ, ২০১৪ বৰ্ষত ভাৰতবৰ্ষই `পলিঅ`-মুক্ত ভাৰত` হিছাবে স্বীকৃতি লাভ কৰিছে।

এই কাৰ্য্যক্ৰমৰ প্ৰধান ফলাফলসমূহ

  • ১৮ ফেব্ৰুৱাৰী ২০১৫ চনত অসমৰ প্ৰতিখন জিলাতে পেণ্টাভেলেণ্ট প্ৰতিষেধক ( এইচ আই বি ক সামৰি)ৰ আৰম্ভণি কৰা হয়।
  • নিঅ`নেটেল টিটেনাছ অসমৰ পৰা বিলুপ্ত কৰা হয়
  • দক্ষিণ পূব এছিয়াকে ধৰি ডব্লিউ এইচ ও ৰ পৰা পলিঅ` মুক্ত ৰাজ্য হিচাপে প্ৰমাণপত্ৰ ( পলিঅ` প্ৰকাৰ-২) লাভ কৰে।
  • অসমৰ ২৭ খনজিলাত শিশু জে ই প্ৰতিষেধক প্ৰদান ( ১ৰ পৰা ১৫ বছৰ) সম্পূৰ্ণ কৰা হয় আৰু আৰ আই ৰ লগত সংযুক্ত কৰা হয়।
  • বিভিন্ন মেডিকেল কলেজ সমূহত `ইউনিচেফ`ৰ সহযোগত ফলদায়ক প্ৰতিষেধক ব্যৱস্থাপনাৰ অধ্যয়ন কৰোৱা হয়।
  • ৰাজ্যৰ ১৪ খন জিলাত প্ৰাপ্তবয়স্ক জে ই অভিযান সম্পূৰ্ণ কৰা হয় আৰু এই বছৰ চাৰিখন নতুন জিলা ক্ৰমে কাছাৰ, বঙাইগাওঁ, নলবাৰী আৰু মৰিগাওঁ জিলাত এই অভিযানৰ পৰিকল্পনা কৰা হয়

বিস্তৃত তথ্য সন্নিবিষ্টকৰণ

১. আৰ আই প্ৰদৰ্শন

২. জে ই অভিযানৰ ফলাফল শিশু তথা জে ই

৩. পালচ পলিঅ` প্ৰচাৰ

ইমিউনাইজেচন কাৰ্য্যক্ষমতা প্ৰতিবেদন অসম

যোৱা পাঁচ বছৰ ধৰি ২০১২-১৩ পৰা ২০১৬-১৭ ( মে ১৬ লৈকে)

বছৰএণ্টিজেনলক্ষ্যসাফল্যতা%
২০১২-২০১৩ডি পি টি ৩৭০৫০১১৬১৫০৪৩৮৭.২৪
ও পি ভি ৩৭০৫০১১৬০৯১৫৯৮৬.৪০
বি চি জি৭০৫০১১৬৭০৫৫৮৯৫.১১
সৰু আই৭০৫০১১৬০৭২২৯৮৬.১৩
সম্পূৰ্ণ আই এম এম৭০৫০১১৫৯০৮০৬৮৩.৮০
টি টি (পি ডব্লিউ)৮১৫০৩২৬৪৭০৩৫৭৯.৩৯
এইচ ই পি-বি
এইচ ই পি-বি১৭০৫০১১৬২২২৩৬৮৮.২৬
এইচ ই পি-বি২৭০৫০১১৬০১৮১৫৮৫.৩৬
এইচ ই পি-বি৩৭০৫০১১৫৪২৬২৮৭৬.৯৭
জে ই৩৪৫৪৬০২০২৯২৯৫৮.৭৪
সৰু আই দ্বিতীয় খোৰাক৬৪২৬৮০১৩১৪১৪২০.৪৫
২০১৩-২০১৪ডি পি টি ৩৬৮০৯০০৬২৫৩৮৯৯১.৮৫
 ও পি ভি ৩৬৮০৯০০৬১৭৩৮১৯০.৬৭
 বি চি জি৬৮০৯০০৬০৯৬২২৮৯.৫৩
 সৰু আই৬৮০৯০০৬১১৯৬৪৮৯.৮৮
 সম্পূৰ্ণ আই এম এম৬৮০৯০০৫৯৬২৬৪৮৭.৫৭
 টি টি (পি ডব্লিউ)৭৭৬৯১৯৬৭৭৮৬৫৮৭.২৫
 এইচ ই পি-বি 
 এইচ ই পি-বি১৬৮০৯০০৬০১৯৭৮৮৮.৪১
 এইচ ই পি-বি২৬৮০৯০০৫৯০৬৫৪৮৬.৭৫
 এইচ ই পি-বি৩৬৮০৯০০৫৭৩৫৬৩৮৪.২৪
 জে ই-১ ম খোৰাক৩০৫৪২০২৩০১৬৯৭৫.৩৬
 জে ই-২ য়  খোৰাক২৮২৭৬৯১৭০৭৩৫৬০.৩৮
 সৰু আই দ্বিতীয় খোৰাক৬১৫৯৬১৪০১৭০৪৬৫.২১
২০১৪-২০১৫ডি পি টি ৩৬৬৮১৮১৬০৬৭২৩৯০.৮০
ও পি ভি ৩৬৬৮১৮১৫৬০৬১৩৮৩.৯০
বি চি জি৬৬৮১৮১৬৭৪৪২০১০০.৯৩
সৰু আই৬৬৮১৮১৫৮৬৮৭৯৮৭.৮৩
২০১৪-২০১৫সম্পূৰ্ণ আই এম এম৬৬৮১৮১৫৭৫৬৩৪৮৬.১৫
টি টি (পি ডব্লিউ)৭৭৭৭৭৭৬৬১১১৪৮৫.০০
এইচ ই পি-বি 
এইচ ই পি-বি১৬৬৮১৮১৫৬৪৫২১৮৪.৪৯
এইচ ই পি-বি২৬৬৮১৮১৫৯৫৪৭৮৮৯.১২
এইচ ই পি-বি৩৬৬৮১৮১৫৮৮৪৩৬৮৮.০৭
জে ই-১ ম খোৰাক৩৯৪৫৫৩২৮৩৯২২৭১.৯৬
জে ই-২ য়  খোৰাক৩৫৮৪৬৭১৯৬৫২৬৫৪.৮২
সৰু আই দ্বিতীয় খোৰাক৬২৯৪২৬৪৩৭৯৯৮৬৯.৫৯
২০১৫-২০১৬ডি পি টি ৩৬৮০৫২৮৯৯৮৯০১৪.৬৮
ও পি ভি ৩৬৮০৫২৮৫৯৯২৬৫৮৮.০৬
বি চি জি৬৮০৫২৮৬৩৬৫১৮৯৩.৫৩
পেণ্টা-১৬৮০৫২৮৬১৯৪৮৭৯১.০৩
পেণ্টা-২৬৮০৫২৮৫৮৮৬৩৫৮৬.৫০
পেণ্টা-৩৬৮০৫২৮৫২৫১৭৭৭৭.১৭
সৰু আই৬৮০৫২৮৬১২১৫৪৮৯.৯৫
সম্পূৰ্ণ আই এম এম৬৮০৫২৮৬০০০৬৭৮৮.১৮
টি টি (পি ডব্লিউ)৭৯১৩১৮৬৫৬৮১৭৮৩.০০
এইচ ই পি-বি 
এইচ ই পি-বি১৬৮৯৫২৮১৯৮৫৬২.৯২
এইচ ই পি-বি২৬৮৯৫২৮৪৯৯৯৭৭.৩৫
এইচ ই পি-বি৩৬৮৯৫২৮৯৮৬১১১৪.৪৯
জে ই-১ ম খোৰাক৬৩৭৩৪১৪৪৮৪৩২৭০.৩৬
জে ই-২ য়  খোৰাক৬০২৯২৭৩৬৫৪২৫৬০.৬১
সৰু আই দ্বিতীয় খোৰাক৬৪৩৭৮১৫১২৭৮৪৭৯.৬৫
২০১৬-২০১৭ (১৬ এপ্ৰিলৰ পৰা মে লৈকে ২০১৬)ডি পি টি ৩৬৮০২২০৫৩০০.০৮
ও পি ভি ৩৬৮০২২০৯৩৬৩৪১৩.৭৭
বি চি জি৬৮০২২০৯৬৬১৬১৪.২০
পেণ্টা-১৬৮০২২০১০৪৩৪১১৫.৩৪
পেণ্টা-২৬৮০২২০১০২২৭৬১৫.০৪
২০১৬-২০১৭ (১৬ এপ্ৰিলৰ পৰা মে লৈকে ২০১৬)পেণ্টা-৩৬৮০২২০৯৪৩৬৬১৩.৮৭
সৰু আই৬৮০২২০৮৪৯১৩১২.৪৮
সম্পূৰ্ণ আই এম এম৬৮০২২০৮৩৫৬৩১২.২৮
টি টি (পি ডব্লিউ)৭৫৬৪৩৮১০৬২৬৩১৩.০৫
এইচ ই পি-বি 
এইচ ই পি-বি১৬৮০২২০৩২২৭০.৪৭
এইচ ই পি-বি২৬৮০২২০৬১৬০.০৯
এইচ ই পি-বি৩৬৮০২২০২১৮২০.৩২
জে ই-১ ম খোৰাক৬৮০২২০৬৯২৯৬১০.১৯
জে ই-২ য়  খোৰাক৬৪৩৪৮৯৫৭২৩১৮.৮৯
সৰু আই দ্বিতীয় খোৰাক৬৪৩৪৮৯৮৪২৮৪১৩.১০

জে ই অভিযানৰ ( শিশু আৰু প্ৰাপ্তবয়স্ক) অধীনত জে ই ভেকচিনে সাঙুৰি লোৱা ক্ষেত্ৰৰ প্ৰতিবেদন

ৰাজ্যৰ নাম: অসম

বছৰজিলা সমূহৰ নামলক্ষ্যফলাফল%
শিশু (১-১৫ বছৰ)
২০০৬-০৭ডিব্ৰুগড়৪০৯৬১১৩৭০৬৫৩৯০.৪৯
শিৱসাগৰ৩৮৬২২৮২৬৪৫৯১৬৮.৫১
গোলাঘাত১৯৬৩০৪১৩৫৯২৪৬৯.২৪
যোৰহাট২০৬০৯৫১৮৬১১৮৯০.৩১
 ১১৯৮২৩৪৯৫৭২৮৬৭৯.৮৯
২০০৮-০৯তিনিচুকীয়া৪১৯৯৬৪৩৮৭৬০৮৯২.৩০
ধেমাজি২১২২৩৬১৮৭৭৭২৮৮.৪৭
 ৬৩২২০০৫৭৫৩৮০৯১.০১
২০০৯-১০লখিমপুৰ৩৮০৭১০৩১৫৭৩১৮২.৯৩
শোণিতপুৰ৬৫০১৫৬৪৩১৩৮৭৬৬.৩৫
কামৰূপ গ্ৰাম্য৫০১৩১৮৩৫১০৪০৭০.০২
 ১৫৩২১৮৪১০৯৮১৫৮৭১.৭৬
২০১০-১১নগাওঁ৮৫৯১৯২৭৯৫৪২৯৯২.৫৮
শিৱসাগৰ৪৩৭৪২৭৩৬৯৬৫৯৮৪.৫১
ডিব্ৰুগড়৪৩১৬৯০৪০০৯৮৯৯২.৮৯
ওডালগুৰি২৮১৭৯২১৯৯৮৭৮৭০.৯৩
 ২০১০১০১১৭৬৫৯৫৫৮৭.৮৫
২০১৩-১৪বৰপেটা৫৫৮৭৫৩৪২০১৫১৭৫.১৯
দৰং৩০৪৭৬৪২৭৩৫৯১৮৯.৭৭
গোৱালপাৰা৩৩১৫৮৪২৫৭৭২০৭৭.৭২
 ১১৯৫১০১৯৫১৪৬২৭৯.৬১
২০১৪-১৫মৰিগাওঁ৩৩১৯৯৭২০০৫৭৪৬০.৪১
নলবাৰী২৭২৬০১২০৩৯১৫৭৪.৮০
সোণাপুৰ ব্লক কামৰূপ মহানগৰ৬৫৪৪২৪১১৯৩৬২.৯৫
 ৬৭০০৪০৪৪৫৬৮২৬৬.৫২
২০১৫-১৬বঙাইগাওঁ২৫৬২৬৭২১১৫৭০৮২.৫৬
বাক্সা৩৩১৩৬৫২২৬৪২৩৬৮.৩৩
কাচাৰ৬০৮৪১৪৫১১৪৮৪৮৪.০৭
চিৰাং১৬৪৪৫৭৪৯৪৩৪৫.৫৭
ধুবুৰি৬৭৬৪০৫৫৪৮৩৪৪৮১.০৭
ডিমা হাচাও৭৩৩৫৭৬০১২৮৮১.৯৭
হাইলাকান্দি২৩১৮২৪১৯৭১২১৮৫.০৩
কামৰূপ মহানগৰ৩৭৪৬৬১২০২৭৮৭৫৪.১৩
কৰিমগঞ্জ৪২০৮২৫৩৮১৬৫৩৯০.৬৯
কাৰ্বি আংলং৩৩৬৬৫০২৭৩৫৬৮৮১.২৬
কোকৰাঝাৰ৩০৭৬২১১৭১২৬৩৫৫.৬৭
 ৩৭৮১৮৪০২৮৫৯২৮৪৭৫.৬১
২০১৩-১৪প্ৰাপ্তবয়স্ক (১৫-৬৫ বছৰ)   
লখিমপুৰ৫৮১৩৩১৪৮২৬৬৮৮৩.০৩
ডিব্ৰুগড়৭৩৪২৯৫৬৮৩১৩৯৩.০৩
শিৱসাগৰ১৯৭৮৮৬১৩৫১৩১৬৮.২৯
তিনিচুকীয়া৭৩১৯২৫৪৬৭৬৯৭৬৩.৯০
যোৰহাট৬০০১৯২৫৩৮৬৬৭৮৯.৭৫
ধেমাজি৩৮৬৮০০৩০৩০৩৮৭৮.৩৪
গোলাঘাট৫৮৫৩৭১৪৭৩৪৮৫৮০.৮৯
কামৰূপ-সোনাপুৰ১০৪০৩০৭৪২৬৪৭১.৩৯
কামৰূপ গ্ৰাম্য৮৪২৫১৭৫৬১৪৫৫৬৬.৪৩
 ৪৭৬৭০৪৭৩৭১৯৫৪৩৭৮.০৩
২০১৫-১৬দৰং৪৭৯০০৬৪০০৮১৪৮৩.৬৮
নগাওঁ১৫৩৮৯৪৬৭১০৩৩০৪৬.১৬
শোণিতপুৰ১০৫১৫৯৩৭৪৮১৩৩৭১.১৪
 ৩০৬৯৫৪৫১৮৫৯২৭৭৬০.৫৭
বৰপেটা৯২০১৬৬০১৫৩৩৬৫.৩৭
ওদালগুৰি৪৪৮১৬৪২৩৯৭১০৫৩.৪৯
 ১৩৬৮৩২৪৮৪১২৪৩৬১.৪৮

পাঁচ বছৰত অসমত পালচ্ পলিঅ` প্ৰতিষেধক ছটাৰ ফলাফল

ক্ৰ:
নং.
বছৰলক্ষ্য ( নিৰ্ধাৰিত)ফলাফলশতাংশওৱাইল্ড পলিঅ` ভাইৰাচ ষ্টেটাছ
২০১১-১২ ফেব্ৰুৱাৰী ১২ (এন আই ডি ১ ম পৰ্যায়)৪৬৩৭২৪০৪৬২৪১৮৮৯৯.৭২%নাই
 ২০১১-১২ এপ্ৰিল ১২ (এন আই ডি ২য় পৰ্যায়)৪৬৩১৮৭২৪৬০৭৮৩৪৯৯.৪৮%নাই
২০১২-১৩ জানুৱাৰী ১৩ (১ ম পৰ্যায়)৪৭৫৫৪৭৫৪৬১৬০৯৫৯৭.০০%নাই
 ২০১২-১৩ ফেব্ৰুৱাৰী ১৩ (২ য় পৰ্যায়)৪৭৫৫৪৭৫৩৬৩৩৭৩৬৯৭.৪৪%নাই
২০১৩-১৪ ১৯ জানুৱাৰী ১৪ (এন আই ডি ১ ম পৰ্যায়)৪৭৮৭৪৯৪৪৬৭৮৩০২৯৭.৭২%নাই
 ২০১৩-১৪ ফেব্ৰুৱাৰী ১৪ (এন আই ডি ২ য় পৰ্যায়)৪৭৯০৭৮০৪৬৮৯৫৬৯৯৭.৮৯%নাই
২০১৪-১৫ ১৮ জানুৱাৰী ২০১৫ (এন আই ডি ১ ম পৰ্যায়)৪৭২৫৫৪২৪৬৭৬৩১৫৯৮.৯৬%নাই
 ২০১৪-১৫ ২২ ফেব্ৰুৱাৰী ২০১৫ (এন আই ডি ২ য় পৰ্যায়)৪৭২৫৫৪২৪৭১২৬২৩৯৯.৭৩%নাই
২০১৫-১৬ ২৪ জানুৱাৰী ২০১৬ (এন আই ডি ১ ম পৰ্যায়)৪৭২৫৫৪৩৪৭৩০৯১৭১০০.১১%নাই
 ২০১৪-১৫ ২১ ফেব্ৰুৱাৰী ২০১৬(এন আই ডি ২ য় পৰ্যায়)৪৮০৮৪০৬৪৭০০৭৫০৯৭.৭৬%নাই
Downloads
TitleSizeDetail
ইমিউনাইজেচন কাৰ্ড1.85 MBswf-image
চলিত ইউ আই পি সূচী92.31 KBswf-image
দৈনিক ইমিউনাইজেচন সন্দৰ্ভত বিস্তৃত তথ্য- ৪ আগষ্ট সভা4.13 MBswf-image
ইমিউনাইজেচন কাৰ্য্যসূচীত কৰ্মচাৰী সকলৰ কৰ্ম দায়িত্ব521.45 KBswf-image