মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Health Service [Family Welfare]

প্ৰতিৰোধক ব্যৱস্থাৰ সফলতা সমূহ

প্ৰতিৰোধক:

১. ছিটাৰ জৰিয়তে বাধা দিব পৰা ৰোগ সমূহৰ বিৰুদ্ধে প্ৰতিৰোধক হৈছে আটাইতকৈ সুৰক্ষিত তথা ফলপ্ৰসু ব্যৱস্থা। প্ৰতিষেধক ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত, (আপোনাৰ শিশুটিৰ সেই ৰোগ বিধ) ওচৰত অন্য কোনো তেনে ৰোগী থাকিলেও আপোনাৰ শিশুটিৰ সেই ৰোগবিধ হোৱাৰ সম্ভাৱনা প্ৰায় নোহোৱা হয়। প্ৰতিষেধক ব্যৱস্থাৰ পৰা হ`ব পৰা তেনেই নগন্য বিপদশংকা সমূহৰ তুলনাত ইয়াৰ পৰা হোৱা লাভ সমূহ যথেষ্ট বেছি।

২. সমাজৰ যথেষ্ট সংখ্যক মানুহে যদি প্ৰতিষেধক ব্যৱস্থা গ্ৰহণ কৰে তেনেহলে এজনৰ পৰা আনজনলৈ সংক্ৰমণ হ`ব নোৱাৰে আৰু ফলস্বৰূপে বেমাৰবিধ সম্পূৰ্ণৰূপে নাইকিয়া হয়। এনেদৰেই পৃথিৱীৰ পৰা বৰআই নাইকিয়া হৈছে আৰু বহুতো দেশৰ পৰা পলিঅ` নিৰ্মূল হৈছে।

দৈনন্দিন প্ৰতিষেধক (আৰ আই) হৈছে এটি সুস্থ জাতিৰ কাৰণে কৰা কৌশলী বিনিয়োগ। ভাৰতবৰ্ষৰ দৈনন্দিন প্ৰতিষেধক ব্যৱস্থাটো এক গতিশীল প্ৰক্ৰিয়া আৰু ই বছৰ বছৰ ধৰি দেশৰ জনসাধাৰণৰ পৰিৱৰ্তনশীল স্বাস্থ্যৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত দায়বদ্ধ।

সহজলভ্যতা, উপলব্ধতা তথা গ্ৰহণযোগ্যতাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰে ভৰা এখন ৰাজ্য হোৱা স্বতেও এই ক্ষেত্ৰত প্ৰচুৰ সফলতা লাভ কৰা গৈছে।

ইউনিভাৰ্চেল ইমিউনাইজেচন প্ৰগ্ৰেম ( এই আই পি) ৰ অধীনত অসমত লাভ কৰা মুখ্য সফলতাসমূহ:

  • ২০১৫ চনৰ ১৮ ফেব্ৰুৱাৰীত পেণ্টাভেলেণ্ট ভেকচিনৰ প্ৰৱৰ্তন ।
  • আই পি ভি ( ইনেক্টিভেটেড পলিঅ` ভাইৰাছ ভেকচিন) ২০১৫ চনৰ ১৬ ডিচেম্বৰ তাৰিখে প্ৰৱৰ্তন কৰা হয়।
  • অসমক ট্ৰাইভলেণ্ট অ`পি ভি (টাইপ ১,২,৩ৰ পৰা বাইভেলেণ্ট অ` পি ভি (টাইপ ১,৩) লৈ উন্নীতকৰণ।
  • নবজাতকৰ ধনুষ্টংকাৰ অসমৰ পৰা সম্পূৰ্ণ ৰূপে নাইকিয়া হয়।
  • বিশ্ব স্বাস্থ্য সংস্থাই অসমক পলিঅ` (টাইপ-২) মুক্ত ঘোষণা কৰি প্ৰমাণপত্ৰ প্ৰদান কৰে।
  • অসমৰ ২৭ খন জিলাতে ১ ৰ পৰা ১৫ বছৰৰ অন্তৰ্ভূক্ত শিশুসকলক জে ই প্ৰতিষেধক প্ৰদান কাৰ্য্য সম্পন্ন তথা দৈনন্দিন প্ৰতিষেধক প্ৰদান আঁচনিৰ অন্তৰ্ভূক্ত।
  • ইউনিচেফৰ পৃষ্ঠপোষকতাত চিকিৎসা মহাবিদ্যালয় সমূহৰ দ্বাৰা অধিক ফলপ্ৰসূভাৱে ভেকচিন মেনেজমেণ্টৰ ওপৰত অধ্যয়ন।
  • স্পেচিয়েল ইমিউনাইজেচন ড্ৰাইভ( এছ আই ভি) ২০১৬, চেপ্তেম্বৰ, নবেম্বৰ ২০১৬ আৰু ডিচেম্বৰ ২০১৬
    1. ইউ আই পিৰ অধীনত সকলো ধৰণৰ বাদ পৰি যোৱা শিশু আৰু প্ৰসূতিক পুনৰবাৰ প্ৰতিষেধক প্ৰদানৰ এক সবল প্ৰচেষ্টা।
    2. এই ড্ৰাইভে উপ-স্বাস্থ্য কেন্দ্ৰ সেৱাৰ আওঁতালৈ নহা দূৰবৰ্তী এলেকা সমূহ যেনে- নন কেডাষ্ট্ৰেল গাওঁ সমূহ, বনাঞ্চলত হোৱা অস্থায়ী বসতি, চাহ বাগান অঞ্চল, চৰ চাপৰি অঞ্চল, সীমান্তৱৰ্তী অঞ্চল তথা সহজতে )ঢুকি পাব নোৱাৰা পাহাৰীয়া তথা দুৰ্গম অঞ্চল সমূহকো সাঙুৰি লৈছে।
    3. এছ আই ডি ৰ অন্তৰ্ভূক্ত সম্পূৰ্ণ প্ৰতিষেধক প্ৰদান কভাৰেজ ৯০%
  • প্ৰাপ্তবয়স্কৰ জে ই প্ৰতিষেধক প্ৰৱৰ্তন কৰা অসমেই একমাত্ৰ ৰাজ্য আৰু ই ১৮ খন জিলাত ডি ই (প্ৰাপ্তবয়স্ক) অভিযান সফল কৰে।
  • ১৪ জুন ২০১৭ ৰ পৰা ৰোটা ভাইৰাছ প্ৰতিষেধক প্ৰৱৰ্তন কৰা হয়।
  • মিছন ইন্দ্ৰধনুষ দফা-৪ য়ে সাধাৰণ আৰ আই ভেক্চিনেচনৰ উপৰিও ৩ লাখ ৫১ হাজাৰ দুৰ্গম অঞ্চলৰ শিশুক প্ৰতিষেধক প্ৰদান কাৰ্য্য সম্পাদন কৰে।
  • পিছপৰা জনগোষ্ঠী যেনে চাহ জনগোষ্ঠীৰ অন্তৰ্গত লোক সমূহৰ অন্তৰ্ভূক্ত হোৱা অভাব পূৰণ তথা প্ৰয়োজনৰ বাবে এছ বি চি চি আৰু লাইভ ভিডিঅ` প্ৰদৰ্শনীৰ জৰিয়তে চাহিদা সৃষ্টিকাৰী কাৰ্য্যসূচী সমূহ ৰূপায়ন কৰা হৈছে।